NDTV.com
NDTV.com

আগৰতলাঃ ত্ৰিপুৰাত বিজেপি-৪০ খন আৰু চিপিআইএম-১৮ খন আসনত আগাঢ়ি আছে৷ ২০১৩ চনৰ বিধান সভা নিৰ্বাচনত বিজেপিয়ে এখনো আসন লাভ কৰা নাছিল৷ কেন্দ্ৰৰ শাসকীয় দলটোৱে প্ৰায় ৬ মাহৰ ভিতৰতে ত্ৰিপুৰাত দলক সবল কৰিবলৈ সক্ষম হোৱাৰ লগতে ২৫ বছৰে শাসন কৰি থকা চিপিআইএমক প্ৰত্যাহ্বান জনায়৷

শনিবাৰে পুৱাৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৩ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ত্ৰিপুৰাত মুঠ ৫৯ টা বিধান সভা সমষ্টিত ২৯২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব৷ ত্ৰিপুৰাত বিজেপি-৪০ খন আৰু চিপিআইএম-২২ খন আসনত আগাঢ়ি আছে৷ ইতিমধ্যে ৰাজ্য খনৰ ৰাজধানী চহৰ আতৰতলাত বিজেপি কৰ্মীয়ে আনন্দ উলাহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷