বিশেষ প্ৰতিবেদনঃ চীনৰ আক্ৰমণৰ পৰা অসম তথা উত্তৰ-পূবক সুৰক্ষা দিবলৈ বৰ লুইতত হ’ব সুৰংগ পথ। লুইতৰ পানীৰ তলেৰে যাবলগীয়া এই সুৰংগ পথে সংযোগ কৰিব গহপুৰ আৰু নুমলীগড়ক। সুৰংগ পথ নিৰ্মাণৰ বাতৰি প্ৰকাশ পোৱাৰ লগে লগে সমগ্ৰ দেশৰ লগতে অসমৰ ছ’চিয়েল মিডিয়াত নেটিজেনসকলে বিষয়টোক লৈ ব্যাপক চৰ্চা কৰা দেখা গৈছে।

একাংশ লোকে বৰ্তমানৰ চৰকাৰখনৰ বিগত সময়ছোৱাৰ প্ৰতিশ্ৰুতি আৰু সেয়া ৰূপায়ণ কৰাৰ উমঘাম নেদেখি এনে ঘোষণাক আকাশত চাং পতা সদৃশ হিচাপে অভিহিত কৰাৰ বিপৰীতে আন একাংশই সেয়া হ’বই বুলি দাবী কৰিছে। হ’বই বুলি দাবী কৰাসকলৰ যুক্তি এয়াই যে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে আৰু মাজুলীত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ’লেও সুৰংগ পথৰ সৈতে দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ বিষয়টো জড়িত হৈ আছে বাবে এইটো প্ৰকল্প চৰকাৰে ৰূপায়ণ কৰিবই।

সুৰংগ পথ কিমান প্ৰয়োজনীয়?

সুৰংগ পথ আমাক কিয় লাগে? প্ৰথম বিশ্বযুদ্ধৰ পিছত সুৰক্ষাজনিত কাৰণতে ইউৰোপ মহাদেশত সুৰংগ পথৰ নিৰ্মাণ অধিক হৈ পৰিছিল। দ্বিতীয় বিশ্বযুদ্ধত সুৰংগ পথৰ অধিক ব্যৱহাৰ হোৱাৰ লগতে ইয়াৰ পিছৰে পৰা বিশ্বৰ বিভিন্ন দেশত সুৰংগ পথে সুৰক্ষাজনিত কাৰণত গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ আৰম্ভ কৰে। সাধাৰণ লোকৰ আহ-যাহৰ পৰিৱৰ্তে সুৰংগ পথ সৈন্যবাহিনীৰ ৰছদ-পাতি, মাৰণাস্ত্ৰ আদি সৰবৰাহৰ কামত অধিক ব্যৱহৃত হৈ আহিছে।

অৱশ্যে ৰাষ্ট্ৰসংঘ শক্তিশালী হৈ পৰাৰ পিছত আৰু বিশ্বযুদ্ধৰ সম্ভাৱনা হ্ৰাস পোৱাত লাহে লাহে সৰ্বসাধাৰণৰ আহ-যাহৰ বাবেও বহু দুৰ্গম ঠাইত সুৰংগ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ লয় দেশসমূহে। সামৰিক বাহিনীৰ আহ-যাহৰ লগতে সৰ্বসাধাৰণৰ আহ-যাহৰ বাবে সুৰংগ পথ নিৰ্মাণত এই পৰ্যন্ত বিশ্বৰ ভিতৰতে শীৰ্ষ স্থানত আছে চীন। দেশখনত আছে ১৬,২২৯ টাৰো অধিক সুৰংগ পথ। এই সুৰংগ পথৰ মুঠ দৈৰ্ঘ্য হৈছে প্ৰায় ১৫২৮৫ কিলোমিটাৰ।

চীনৰ পিছতে সুৰংগ পথৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে জাপান আৰু নৰৱে। দ্বীপৰাষ্ট্ৰ জাপানত ৯৭৬০ টা সুৰংগ পথ থকাৰ বিপৰীতে নৰৱেত আছে অতিকমেও ১৪০০ টা সুৰংগ পথ। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা সুৰংগ পথৰ সংখ্যা হৈছে ৫০৪টা। এই সুৰংগ পথসমূহৰ উপৰিও প্ৰায় প্ৰতিখন দেশতে বহু গোপন সুৰংগ পথ থকাৰ কথাও সময়ে সময়ে পোহৰলৈ আহি আছে।

সুৰংগ পথৰ ক্ষেত্ৰত ভাৰতো পিছপৰি থকা নাই। ব্ৰিটিছৰ দিনতে ভাৰতত ৰেল চলাচলৰ বাবে সুৰংগ পথৰ নিৰ্মাণ কৰা হৈছিল। বৰ্তমান সুৰংগৰ মাজেৰে যোৱা ৰেলপথ আৰু স্থলপথৰ হিচাপ কৰিলে ভাৰতত অতিকমেও ৩৩ টা সুংৰগ পথ ওলাব। যাতায়াতৰ সুবিধাৰ লগতে সামৰিক কাৰণত জম্মু-কাশ্মীৰৰ পাহাৰৰ মাজেৰে ৯.২৮ কিঃমিঃ দৈৰ্ঘ্যৰ সুৰংগ-পথ এটাও ইতিমধ্যে নিৰ্মাণ কৰা হৈছে আৰু উক্ত পথেৰে আহ-যাহ অব্যাহত আছে। 

আধুনিক সুৰংগসমূহৰ উপৰিও অতীজত ৰজা-মহাৰজাৰ দিনটো সুৰংগ আছিল অতি গুৰুত্বপূৰ্ণ। যুদ্ধৰ সময়ত গোপন সুৰংগৰে পৰাস্ত হ’লে ৰজাই ৰাজপ্ৰসাদ এৰি পলায়ন কৰিছিল বা সুৰংগত সোমাই থাকি পনৰ যুদ্ধৰ বাবে নিজকে সাজু কৰি তুলিছিল। মহাভাৰততো পাণ্ডৱসকলে সুৰংগ পথেৰেই জতুগৃহৰ পৰা পলায়ন কৰাৰ কাহিনী বৰ্ণিত হৈছে। অসমতো আহোম ৰাজত্ব কালত তলাতল ঘৰৰ তলত ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা সুৰংগ থকাৰ প্ৰমাণো প্ৰত্নতত্ববিদসকলে লাভ কৰিছে।

সুৰংগ পথ আধুনিক যুদ্ধত কিমান নিৰাপদ?

সামৰিক কাৰণত সুৰক্ষাৰ ক্ষেত্ৰত যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে সুৰংগ পথে। কিন্তু বৰ্তমান সময়ত যুদ্ধৰ প্ৰেক্ষাপটত সুৰংগ পথৰ গুৰুত্ব আগৰ দৰেই আছেনে? আধুনিক যুদ্ধত সুৰংগ পথেৰে শত্ৰুৰ চকুত ধূলি দি মাৰণাস্ত্ৰৰ সৰবৰাহ আৰু সেনাৰ আহ-যাহ সম্ভৱ হ’বনে? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ হ’লে আমি প্ৰৱেশ কৰিব লাগিব বৰ্তমনাৰ যুদ্ধৰ অতি আধুনিক যুদ্ধাস্ত্ৰসমূহৰ জগতত।

যুদ্ধত সুৰংগ পথ ব্যৱহাৰ কৰি যাতে শত্ৰুপক্ষই চকুত ধূলি দি সাৰি যাব নোৱাৰে তাৰ বাবে বিশ্বৰ কেবাখনো দেশৰ প্ৰতিৰক্ষা বিভাগে ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে এবিধ বিশেষ যতন। এই বিশেষ যতনবিধৰ কাম হৈছে সুৰংগ পথৰ সঠিকভাৱে সন্ধান কৰা। কেৱল সুৰংগই নহয়, এই যন্ত্ৰবিধে মাটিৰ তলত নিৰ্মিত যিকোনো নিৰ্মাণৰ সম্ভেদ দিব পাৰে। সেয়া হ’লেও বিশেষভাৱে সুৰংগ পথৰ সম্ভেদ লাভৰ বাবে নিৰ্মাণ কৰি উলিওৱা এই যন্ত্ৰবিধৰ নাম হৈছে Rapid Reaction Tunnel Detection equipment চমুকৈ R2TD।

এই R2TDৰ সহায়ত অতি সহজে সুৰংগ পথ ডিটেক্ট কৰিব পাৰি। এই R2TD অৰ্থাৎ ৰেপিড ৰিয়েকশ্যন টানেল ডিটেকশ্যন ইকুইপমেণ্টত ব্যৱহাৰ কৰা হৈছে ভূকম্পন, শাব্দিক আৰু বিদ্যুৎ চুম্বকীয় বিশেষ প্ৰযুক্তি। ইয়াৰ সহায়তে যন্ত্ৰবিধে অতি সহজে মাটিৰ তলেৰে নিৰ্মাণ কৰা গোপন সুৰংগ পথৰ সম্ভেদ দিয়ে। যুদ্ধৰ সময়ত  R2TDৰ সহায়ত শত্ৰু পক্ষই ব্যৱহাৰ কৰা গোপন সুৰংগ পথৰ সম্ভেদ পোৱাৰ পিছত পোনপটীয়াকৈ উক্ত ঠাইত আক্ৰমণ সংঘটিত কৰি অনায়াসে যুদ্ধত জয়লাভ কৰাতো সম্ভৱ হৈ পৰিছে। 

আমেৰিকাৰ প্ৰতিৰক্ষা বিষয়ক কেবাখনো আলোচনীত প্ৰকাশ পোৱা মতে বিগত প্ৰায় এক দশক পূৰ্বৰে পৰা মাৰ্কিন সেনাবাহিনীয়ে এই R2TD ব্যৱহাৰ কৰি আহিছে। ইৰাকৰ যুদ্ধৰ লগতে আফগানিস্তানতো তালিবান আৰু অলকায়দাই ব্যৱহাৰ কৰা একাধিক সুৰংগ পথ উক্ত যন্ত্ৰৰ সহায়তে ধ্বংস কৰিছিল মাৰ্কিন সেনাবাহিনীয়ে। ২০১৪ চনত আকাশ মাৰ্গৰ পৰাও R2TDৰ সহায়ত গোপন সুৰংগ পথ ডিটেক্ট কৰিব পৰা অতি উন্নত প্ৰযুক্তি উদ্ভাৱন কৰা হৈছে বুলিও বাতৰিত প্ৰকাশ পাইছে।

২০১৯ চনৰ মাৰ্কিন সেনা বাহিনীৰ এক প্ৰতিবেদন মতে সুৰংগ পথৰ সন্ধান কৰা যন্ত্ৰ অৰ্থাৎ উন্নত প্ৰযুক্তিৰ R2TD চীনৰ সেনাবাহিনীৰ হাততো আছে। অৱশ্যে চীনৰ হাতত থকা R2TD মাৰ্কিন সেনাৰ হাতত থকা R2TDৰ সমান শক্তিশালী হয় নে নহয় সেই বিষয়ে সবিশেষ জানিব পৰা হোৱা নাই বুলিও প্ৰতিবেদনখনত উল্লেখ আছে। অৰ্থাৎ এয়া নিশ্চিত যে যদিহে উত্তৰ-পূৰ্বাঞ্চলত আশংকা কৰা ধৰণে অনাগত দিনত কেতিয়াবা চীনে আক্ৰমণ সংঘটিত কৰে তেন্তে কেবা কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা সুৰংগ পথকেই চীনে প্ৰথমে আক্ৰমণৰ লক্ষ্য কৰি ল’ব। 

মাৰ্কিন সেনা বাহিনীৰ ইঞ্জিনীয়াৰিং ৰিচাৰ্ছ এণ্ড ডেভলপমেণ্ট চেণ্টাৰৰ জিঅ’ফিজিষ্ট ডঃ ষ্টিভেন শ্লোৱানৰ মতে সুৰংগ পথ এটা ডিটেক্ট কৰা বা সম্ভেদ লাভ কৰাৰ পিছত সাধাৰণ পথ বা দলঙত আক্ৰমণ কৰাতকৈও সুৰংগ পথত অনায়াসে আক্ৰমণ সংঘটিত কৰিব পৰা যায়। 'সাধাৰণ পথত আক্ৰমণ কৰিলে শত্ৰুপক্ষই অন্য পথেৰে পলায়ন কৰাৰ সুযোগ লাভ কৰিব পাৰে। দলং আদি ধ্বংস কৰি পেলালে অস্ত্ৰ-শস্ত্ৰ আদি আন ঠাইৰে বা আন পথেৰে লৈ যোৱাতো সম্ভৱ হ’ব পাৰে। কিন্তু সুৰংগ পথেৰে প্ৰৱেশ কৰাৰ পিছত দুয়ো দিশেৰে আক্ৰমণ সংঘটিত কৰিলে পলোৱাৰ আৰু কোনো উপায় নাথাকে।’-সুৰংগ পথ যে বৰ্তমানৰ যুদ্ধৰ ক্ষেত্ৰত মুঠেই সুবিধাজনক হৈ থকা নাই সেয়া উল্লেখ কৰি এইদৰে কয় মাৰ্কিন সেনা বাহিনীৰ জিঅ’ফিজিষ্টগৰাকীয়ে।

ডিচেম্বৰতেই প্ৰকাশ পাইছিল সুৰংগ পথ নিৰ্মাণৰ বাতৰি

২০১৯ চনৰ ডিচেম্বৰ মাহৰ আৰম্ভণিতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰিবলগীয়া সুৰংগ পথৰ আভাস দিছিল বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন চমুকৈ বিআৰঅ’-ই। প্ৰতিৰক্ষা বিভাগৰ ষ্টেণ্ডিং কমিটিয়ে যোৱা ২০ ডিচেম্বৰত এই সম্পৰ্কীয় এক প্ৰতিবেদন লোকসভাৰ অধ্যক্ষৰ ওচৰতো দাখিল কৰিছিল। উক্ত প্ৰতিবেদনত উল্লেখ থকা মতে ব্ৰহ্মপুত্ৰৰ লগতে অৰুণাচলৰ ভিন্নস্থানত তথা জম্মু-কাশ্মীৰৰ পাকিস্তান সীমান্তসহ কেবাটাও স্থানত অতিকমেও ২০টাৰো অধিক সুৰংগ পথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।

অৰুণাচলৰ প্ৰদেশত নিৰ্মীয়মাণ হৈ থকা সুৰংগ পথসমূহক বাদ দি বাকী সুৰংগ পথৰ নিৰ্মাণ অহা ২০২৮ চনৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ কথাও স্পষ্টকৈ উল্লেখ আছে প্ৰতিবেদনখনত। অৰুণাচল প্ৰদেশত নিৰ্মাণ কাৰ্য চলি থকা সুৰংগ পথসমূহৰ নিৰ্মাণকাৰ্য ২০২২ চনৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে। পাহাৰীয়া ৰাজ্যখনত যাতায়ত ব্যৱস্থা যাতে ক্ষিপ্ৰ কৰি তুলিব পৰা যায় তাৰ বাবেই এই সুৰংগ পথসমূহৰ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰ কৰি তোলা উচিত বুলিও বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনক পৰামৰ্শ আগবঢ়াইছে ষ্টেণ্ডিং কমিটিয়ে। 

'ইকনমিকছ টাইমছ’ত ২০১৯ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত এটি বাতৰি মতে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে যোৱা ডিচেম্বৰ মাহতে ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ বাবে গ্ল’বেল টেণ্ডাৰ আহ্বান কৰিছিল। উক্ত টেণ্ডাৰ অনুযায়ী ইতিমধ্যে সুৰংগ পথটো নিৰ্মাণৰ দায়িত্ব মাৰ্কিন কোম্পানী লুই বাৰ্জাৰে লাভ কৰা বুলি বাতৰিত প্ৰকাশ পাইছে। উল্লেখ্য যে অসমৰ লগতে গোৱাত পানী যোগানৰ প্ৰকল্প নিৰ্মাণৰ কামত জড়িত মাৰ্কিন প্ৰতিষ্ঠানটো উপঢৌকন লোৱাৰ অভিযোগত অভিযুক্ত হৈছিল। সেই সময়ত কোম্পানীটোক ব্লেক লিষ্টেড ঘোষণা কৰাৰ কথাও ওলাইছিল যদিও পুনৰ একেটা কোম্পানীয়ে সুৰংগ পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰাৰ বাতৰি প্ৰকাশ পোৱাত ভিন্নজনে এই প্ৰকল্প সঠিকভাৱে সম্পূৰ্ণ হৈ উঠিব নে নাই তাক লৈ সন্দেহ প্ৰকাশ কৰিছে।