newsnextone.com | ডিডিটেল ডেস্কঃ মাইক্ৰ’ ব্লগিং ছাইট টুইটাৰে ভুৱা খবৰ প্ৰচাৰকাৰীৰ বিৰুদ্ধে পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে৷ দ্য’ ৱাশ্বিংটন পোষ্টৰ বাতৰিত প্ৰকাশ পোৱা মতে, ভুল আৰু বিপথে পৰিচালিত কৰা বাতৰি প্ৰচাৰ আৰু প্ৰসাৰত লেকাম লগাবলৈ টুইটাৰে যোৱা মে’ আৰু জুন মাহৰ ভিতৰত ৭ কোটিৰো অধিক ভুৱা একাউন্ট বন্ধ কৰি দিছে৷ অৰ্থাৎ টুইটাৰে প্ৰতিদিনে ১০ লাখ ভুৱা একাউণ্ট নোহোৱা কৰিছে৷

চিবিএছ নিউজৰ এক বাতৰি মতে যোৱা অক্টোবৰ মাহৰ পৰা বৰ্তমান সময়লৈ একাউন্ট বন্ধ কৰাৰ সংখ্যা প্ৰায় দুগুন বৃদ্ধি পাইছে৷ এনেদৰে একাউন্ট বন্ধ হোৱাৰ প্ৰভাৱ ব্যৱহাৰকাৰীৰ সংখ্যাৰ ওপৰত দেখা পোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে৷

উল্লেখ্য যে, ২০১৬ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত ৰুছে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি অপপ্ৰচাৰ চলোৱাৰ বিষয়ে জানিবলৈ পোৱাৰ পিছতে টুইটাৰে ভুৱা একাউন্টসমূহ বন্ধ কৰাৰ অভিযান দ্ৰুততৰ কৰি তোলে৷

আনহাতে ভুৱা একাউন্ট বন্ধ কৰাৰ পৰা টুইটাৰ ব্যৱহাৰকাৰীৰ সংখ্যা হ্ৰাস পোৱাক লৈ কোম্পানীৰ উপাধক্ষ্য ডেল হাৰ্বেয়ে কয় যে টুইটাৰৰ সক্ৰিয় ব্যৱহাৰকাৰীৰ ওপৰত ইয়াৰ ফলত বিশেষ প্ৰভাৱ নপৰে৷ যোৱা মাহত টুইটাৰে প্ৰতি সপ্তাহত ১০ কোটি ভুৱা আৰু বিতৰ্কিত একাউন্ট নিস্ক্ৰিয় কৰিছিল৷

হাৰ্বেৱে বাশ্বিটন পোষ্টক কয়, ‘সদ্যহতে আমি অভিব্যক্তিৰ স্বাধীনতা আৰু ইয়াক লৈ বৃদ্ধি পোৱা বিপদৰ প্ৰত্যাহ্বানত গুৰুত্ব দিছোঁ৷ মানুহ যদি সুৰক্ষিত হৈ নাথাকে তেন্তে অভিব্যক্তিৰ স্বাধীনতাৰ কোনো মূল্যই নাথাকিব৷’

টুইটাৰৰ এগৰাকী প্ৰবক্তাই অলপতে কোম্পানীৰ হৈ মত প্ৰকাশ কৰি কৈছিল যে সূচনাৰ প্ৰকৃতিত শুধৰণি কৰাৰ স্বাৰ্থত টুইটাৰে বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈছে৷ কিন্তু ইয়াৰ ফলত টুইটাৰ ব্যৱহাৰকাৰীৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷