গুৱাহাটীঃ ম্যানমাৰৰ গভীৰ অৰণ্যত সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)এ পালন কৰে সৈনিক দিৱস। সৈনিক দিৱস উপলক্ষে নিষিদ্ধ ঘোষিত সংগঠনটোৰ উচ্চতম পৰিষদৰ সভাপতি পৰেশ বৰুৱাই আলফাৰ সদস্য আৰু অসমৰ জনসাধাৰণক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

উক্ত ভাষণৰ প্ৰতিলিপি প্ৰেছ বিবৃতিযোগে আৰু ভাষণৰ ডিজিটেল ৰূপ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে আলফাৰ সহঃ প্ৰচাৰ সম্পাদক ঈশান অসমে। ভাষণত পৰেশ বৰুৱাই আলফাৰ সৈনিকসকললৈ বৈপ্লৱিক অভিনন্দন আৰু সামৰিক শুভেচ্ছা জনোৱাৰ লগতে যিসকলে নিজৰ ত্যাগ, সাহস আৰু নিভাঁজ দেশপ্ৰেমৰ চানেকিৰে নিজৰ নাম অসম বুৰঞ্জীত লিপিবদ্ধ কৰি গ'ল; সেইসকল মহান ‘অমৰ মৃতক'ৰ প্ৰতি শ্রদ্ধাঞ্জলি জনায়।

পৰেশ বৰুৱাই নিজৰ ভাষণত দাবী কৰে যে, "সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]" সংগঠনে অৱতাৰণা কৰা 'সম্মিলিত সশস্ত্র জাতীয় মুক্তি বিপ্লর' কেতিয়াও বিফল হ'ব নোৱাৰে। কিয়নো, আমাৰ হেৰুৱা স্বাধীনতা পুনৰুদ্ধাৰৰ সংগ্ৰাম বিফল হোরা মানে- "অজগৰৰ দৰে এফালৰ পৰা গিলিবলৈ ধৰা ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰযন্ত্ৰৰ ওচৰত বুৰঞ্জীপ্ৰসিদ্ধ এটা জাতি চিৰদিনৰ বাবে অস্তিত্ব হেৰুওৱা। অর্থাৎ স্বাধীনতাৰ বেলি চিৰকালৰ বাবে নির্বাপিত হোৱা আৰু পৰাধীনতাৰ দাসত্ব মানি লোৱা।"

কালজয়ী জাতিৰ ঐতিহ্যবাহী বুৰঞ্জী আৰু প্ৰায় দুশবছৰীয়া পৰাধীনতাৰ জীৱন্ত দলিলৰ ওপৰত আধাৰিত বাস্তৱ সত্যই হ'ল সবাতোকৈ ডাঙৰ শক্তি; যাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। তৎসত্ত্বেও ইয়াৰ বাবে সময়ৰ পৰীক্ষা দিব লাগে। ধৈর্য আৰু সহিষ্ণুতা তাৰ চাবি-কাঠি। নিজ নিজ ক্ষেত্রত সম্পাদিত কৰ্মই যিহেতু প্ৰত্যেকৰে পৰিচয়ৰ স্বাক্ষৰ বহন কৰে; গতিকে প্রতিটো কাম মনে-প্রাণে, সততাৰে আত্মনিয়োগ কৰা উচিত। নিজ দায়িত্ব আৰু কৰ্তব্য পালনৰ লগত সংগঠনৰ নীতিগত লক্ষ্য, উদ্দেশ্যক একীভূত কৰাটোৱে সততা।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত উল্লেখ কৰা অনুসৰি নিজৰ ভাষণত পৰেশ বৰুৱাই কয়, আমাৰ সংগঠনে বিশ্ব ভূ-ৰাজনীতিৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰাখি, সশস্ত্ৰ ৰাজনীতিত সঠিক ৰণকৌশলৰ জৰিয়তে কেনেকৈ সুযোগ সৃষ্টি আৰু যথোপযুক্ত সময়লৈকে অপেক্ষা কৰিবলৈ অফুৰন্ত ধৈৰ্য, অদম্য সাহসেৰে কিদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগে তাক ভালদৰে জানে। এয়া প্রত্যয়যুক্ত সময়ৰ শিকনি। বৈশ্বিক জগতৰ ঘটনা-পৰিঘটনা গমি-পিটি চালেই তাৰ যৌক্তিকতাৰ আধাৰ বিচাৰি পাব।

৫ পৃষ্ঠাজোৰা বিবৃতিৰ যোগেদি আলফা স্বাধীনে সংগঠনৰ আভ্যন্তৰীণ কিছু দিশতো আলোকপাত কৰি কয়, শিবিৰ অথবা অভিযানবোৰত অংশ লোৱা দুই-এক সহযোদ্ধাৰ বিশ্বাস ভংগই সৃষ্টি কৰা লজ্জাজনক আৰু উদ্বিগ্নতাৰ দিশটো সকলোৱে মানসিক সাহচৰ্যৰে আন্তৰিকভাৱে মূল্যায়নৰ প্ৰয়োজন আছে।