newsnextone.com | ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তানৰ ফালৰ পৰা এলঅ’চিৰ সীমান্তৱৰ্তী এলেকাত যুদ্ধ বিৰতি চুক্তি উলংঘন কৰি গুলিবৰ্ষণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে৷ 

মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে বিএছএফৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়, ‘কাৰণ বুজি পোৱাটো কঠিন৷ এই ৰিচাৰ্চৰ বিষয় হ’ব পাৰে৷ কিন্তু পাকিস্তানে নিজৰ সন্ত্ৰাসবাদী আচৰণ সলনি কৰিব নোৱাৰে৷ ওচৰ-চুবুৰীয়াৰ ওপৰত প্রথমতে গুলিচালনা কৰিব নালাগে৷ কিন্তু সিফালৰ পৰা যদি গুলিবৰ্ষণ কৰে, তেন্তে কি কৰা উচিত সেই সিদ্ধান্ত আপোনালোকে লওক৷’

আনহাতে পাকিস্তানে মঙলবাৰে পুৱাও আৰ্ণিয়া চেক্টৰত সংঘৰ্ষ বিৰতি চুক্তি উলংঘন কৰি গুলি বৰ্ষণ কৰে৷ 

উল্লেখ্য যে, যোৱা ৬ দিন ধৰি পাকিস্তানে আৰ্ণিয়া চেক্টৰ আৰু চাম্বা চেক্টৰত গুলি বৰ্ষণ কৰি আহিছে৷ পাকিস্তানী সেনাই আনকি ভাৰতৰ বিএছএফৰ ছাউনীলৈ গোলা বৰ্ষনও কৰি আছে৷ যাৰ ফলত ২ গৰাকী বিএছএফ জোৱানৰ লগতে ৪ জন সাধাৰণ লোক নিহত হয়৷ বিএছএফে পাক সেনাৰ আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সীমান্তৱৰ্তী গাঁঁও সমূহ খালী কৰি তাৰ বাসিন্দা সকলক অন্য সুৰক্ষিত ঠাইলৈ স্থানান্তৰিত কৰিছে৷

ইফালে পাক সেনাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি ভাৰতীয় সেনাই গুলিবৰ্ষণ কৰাত ৪ জন পাক সেনাৰ লগতে ৪জন পাকিস্তানী নাগৰিক নিহত হোৱা বুলি জানিব পৰা গৈছে৷