anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে পুৱতি নিশা উত্তৰ প্ৰদেশত এখ যাত্ৰীবাহী বাছ পথ দুৰ্ঘটনা পতিত হৈ ১৭ গৰাকী লোকৰ মৃত্যু হয়৷ আহত হৈছে প্ৰায় ৪০গৰাকী লোক৷ উত্তৰ প্ৰদেশৰ মৈনপুৰীত সংঘটিত হয় এই দুৰ্ঘটনা৷ এখন যাত্ৰীবাহী বাছে ডিভাইদাৰত খুন্দা মাৰি ৰাজপথতে বাগৰি পৰাৰ ফলত ১৭গৰাকী লোকৰ মৃত্যু হয়৷ ইতিমধ্যে আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰে৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷

মৈনপুৰীৰ দানহাৰা এলেকাত তীব্ৰ গতিত আহি থকা যাত্ৰীবাহী বাছ খন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইদাৰত খুন্দা মাৰে৷ খুন্দা মৰাৰ ফলত বাছ খন ৰাজপথতে বাগৰি পৰে৷ ঘটনাত বাছ চালকজনো আহত হয়৷ আৰক্ষীয়ে সোধ-পোছ আৰম্ভ কৰিছে চালকজনক৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে নিহত লোকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ আহতসকলৰ পৰ্যাপ্ত চিকিৎসাৰ নিৰ্দেশ দিয়ে৷