16
May
2017
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/binod%20sesan.jpg?itok=Ww7mf7Bl)
ৰঙিয়াঃ সমগ্ৰ নামনি অসমতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক টিকাকৰণক লৈ যি উৰাবাতৰিৰ সৃষ্টি হৈছে ইয়াক লৈ কেৱল ৰাজ্য চৰকাৰেই নহয় সমস্যাত পৰিছে বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীও।
আজি ৰঙিয়াৰ আগশাৰীৰ তিনিখন বিদ্যালয়ত এনে ঘটনা সংঘটিত হোৱাত আতংকৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। যাৰ ফলত কামৰূপ জিলাৰ উপায়ুক্ত বিনোদ চেচান ৰঙিয়াত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’ব লগা হয়।
উপায়ুক্তজনে সংবাদ মাধ্যমক কয় যে বিদ্যালয়সমূহত টিকাকৰণৰ বিষয়টো উৰাবাতৰিহে৷ এই সন্দৰ্ভত তদন্ত কৰা হ’ব।
এক দুষ্ট চক্ৰই এনে প্ৰচাৰ চলাই এক আতংকৰ সৃষ্টি কৰিছে বুলিও উপায়ুক্তগৰাকীয়ে কয়। আনহাতে সমাজ সচেতন ব্যক্তিসকলৰ এইক্ষেত্ৰত দায়িত্ব আছে বুলিও উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে।