![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/f4560dbd-7dd2-42ad-a088-c047cf4daa6d.jpg?itok=7WUlpsZX)
ডিজিটেল ডেস্কঃ দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে পাকিস্তানৰ সৈতে আলোচনা সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়৷ উপ-ৰাষ্ট্ৰপতি নাইডুৱে পাকিস্তানৰ সৈতে আলোচনা কৰিবলৈ উপদেশ দিয়া লোক সকলক লক্ষ্য কৰি তীক্ষ্ন বাক্যবান নিক্ষেপ কৰে।
যিখন দেশে আমাৰ ওপৰত বন্দুক টানে সেইখন দেশৰ সৈতে আলোচনা কৰা সম্ভৱ নহয় বুলি কয়। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফতীয়ে কিছুদিন পূৰ্বে পাকিস্তানৰ সৈতে আলোচনাৰ মাধ্যমেৰে সন্ত্ৰাসবাদীৰ আক্ৰমণ ৰোধ কৰিব পাৰি বুলি মন্তব্য আগবঢ়াইছিল।
নাইডুৱে কাৰো নাম নোলোৱাকৈয়ে কয়, বিস্ময়কাৰী কিছুমান লিখা-পঢ়া কৰা নেতাই এনে প্ৰতিৱেশীৰ সৈতে আলোচনা কৰাৰ উপদেশ দিয়ে, যিয়ে সীমান্তত সমস্যাৰ সৃষ্টি কৰাৰ লগতে উগ্ৰপন্থী সমূহক উৎসাহিত কৰি আহিছে। আমি এনে দেশৰ সৈতে আলোচনা কৰিব নোৱাৰো যিয়ে আমাৰ ওপৰত আক্ৰমণ কৰি আহিছে।