![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/pijush1.jpg?itok=YHr6_HDV)
- ১৫ দিনৰ ভিতৰত মেৰামতি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ
- নৈপৰীয়া লোকৰ সুৰক্ষা সুনিশ্চিত কৰি বাৰিষাৰ পূৰ্বে সম্পন্ন হ'ব চিগা মথাউৰিৰ মেৰামতিৰ কাম
- ঠিকাদাৰসকলক আনুষ্ঠানিক নিৰ্দেশলৈ অপেক্ষা নকৰি প্ৰাৰম্ভিক নিৰ্দেশতে কাম আৰম্ভ কৰাৰ নিৰ্দেশ
গোলাঘাটঃ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গোলাঘাট জিলাৰ বোকাখাতৰ অগৰাতলীৰ মৰিয়াহলাৰ পৰা ডিফলু পথাৰলৈ থকা মথাউৰিৰ চিগা অংশ পৰিদৰ্শন কৰে । ব্ৰহ্মপুত্ৰৰ ওপৰত মৰিয়াহলাৰ পৰা ডিফলু পথাৰলৈ থকা ২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটোৰ প্ৰায় ৫৫৫মিটাৰ চিগা অংশ মেৰামতি কৰাৰ বাবে তেওঁ ১৫ দিনৰ সময় নিৰ্ধাৰণ কৰি দিয়ে । তেওঁ ঠিকাদাৰসকলক পুঁজিৰ কথা চিন্তা নকৰি নৈপৰীয়া লোকসকলৰ স্বাৰ্থত যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে নৈপৰীয়া লোকসকলে যাতে কোনো কাৰণতে ঘৰ-বাৰী হেৰুৱাবলগীয়া নহয় সেইয়া সুনিশ্চিত কৰিবলৈ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে সকলো ধৰণে প্ৰয়াস চলাব ।
এই ক্ষেত্ৰত চৰকাৰৰ পৰা নিৰ্ধাৰিত সময়ত কাম সম্পন্ন কৰিব পৰাকৈ সকলো সহায়-সহযোগিতা লাভ কৰিব বুলি তেওঁ আশ্বাস দিয়ে । শ্ৰী হাজৰিকাই প্ৰাৰম্ভিক নিৰ্দেশ ওলোৱাৰ লগে লগে মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ ঠিকাদাৰসকলক নিৰ্দেশ দিয়ে । তেওঁ কয় যে কোনো ঠিকাদাৰে যাতে কামৰ বাবে আনুষ্ঠানিক নিৰ্দেশলৈ ৰৈ নাথাকে । আনুষ্ঠানিক নিৰ্দেশলৈ অপেক্ষা কৰিলে অযথা বিলম্ব হয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ সকলো চিগা মথাউৰিৰ মেৰামতি আৰু নিৰ্মাণৰ কাম বাৰিষাৰ পূৰ্বেই সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ।
তেওঁ সকলোকে দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায় ।পৰিদৰ্শন কালত তেওঁৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ প্ৰদান বৰুৱা আৰু জিলা তথা আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত আছিল । উল্লেখযোগ্য যে আগৰাতলীৰ মথাউৰিৰ এই অংশটো মেৰামতিৰ বাবে এছ ডি আৰ এফৰ অধীনত আঁচনিৰ অধীনত ৫.৫কোটি টকা ধার্য কৰা হৈছে । গোলাঘাট জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ সৌজন্যত প্ৰাপ্ত বাতৰি।