hindustantimes
hindustantimes

newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে পশ্চিম বংগত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ৷ কিন্তু তাৰ মাজতেই আকাশ ওন্দোলাই অহা প্ৰৱল বৰ্ষাধাৰাত আক্ৰান্ত হৈছে ৰাজ্যখনৰ কেইবাখনো জিলা৷ 

দেওবাৰৰ পৰা ৰাজ্যখনত আৰম্ভ হোৱা ধুমুহা-শিলাবৃষ্টি-বজ্ৰপাত সোমবাৰেও সাম কটা নাই৷ আনহাতে প্ৰকৃতিৰ তাণ্ডৱৰ ফলত দেওবাৰৰ পৰা ৰাজ্যখনত মৃত্যু ঘটিছে ১৩ জনৰ৷ সোমবাৰে পুৱাৰ পৰাই ক’লা হৈ থকা পশ্চিম বংগৰ আকাশে ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনক লৈ আশংকাৰ সৃষ্টি কৰিছিল৷

কিন্তু প্ৰৱল বৰষুণেও যেন ৰোধ কৰিব পৰা নাই ভোটদান পৰ্ব৷ ৰাজ্যখনত পুৱাৰ পৰা ভোটাৰ সকলে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোট গ্ৰহণ কেন্দ্ৰ সমূহৰ সন্মুখত শাৰী পতা পৰিলক্ষিত হৈছে৷ হাতে হাতে ছাটি লৈ পুৰুষ-মহিলা-বৃদ্ধ সকলোৱে ভোট প্ৰদানৰ বাবে ওলাই আহে৷ বৰষুণ আৰু ধুমুহাৰ আশংকাকো নেউচি ৰাজ্যখনৰ কেইবাখনো জিলাত ইতিমধ্যে ভোটদান পৰ্বৰ সফল সামৰণি পৰে বুলি জানিব পৰা গৈছে৷ 

আনহাতে, সোমবাৰে দুপৰীয়াৰ ভাগতে দাৰ্জিলিং, জলপাইগুৰি, আলিপুৰদুৱাৰ, কোচবিহাৰ, উত্তৰ আৰু দক্ষিণ দিনাজপুৰত বজ্ৰপাত আৰু ধাৰাসাৰ বৃষ্টি নামি আহিছে বুলি জানিবলৈ দিয়ে আলিপুৰ বতৰ বিজ্ঞান কেন্দ্ৰই৷ পৰ্যটকসকলক সাৱধান কৰি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে অহা ২৪ ঘন্টাৰ ভিতৰত পুৱ আৰু উত্তৰ চিকিমতো প্ৰৱল বৰ্ষাপাত হোৱাৰ সম্ভাৱনা আছে৷