
বিশেষ প্ৰতিবেদনঃ শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ চৌদিশে ঘৰে ঘৰে কেৱল তিৰংগা আৰু তিৰংগা। কোনোৱে যদি ঘৰৰ ছাদত তিৰংগা উৰুৱাইছে, কোনোৱে আকৌ পদুলিত তিৰংগা উৰুৱাইছে। গাড়ী, বাইক, চাইকেল, ৰিক্সা, ই-ৰিক্সা সকলোতে যোৱা ৩ দিনত তিৰংগা দেখা গৈছে। ১৩-১৫ আগষ্টলৈকে, এই তিনিটা দিনত তিৰংগা ক্ৰয় নকৰা লোক হয়তো খুব কমেইহে ওলাব।
এসময়ত বিদ্ৰোহী সমস্যাৰে জৰ্জিৰত অসম তথা উত্তৰ-পূবত ৰাষ্ট্ৰীয় পতাকাক লৈ দেখা পোৱা হোৱা এই আগ্ৰহৰ পৰা সহজেই অনুমান কৰিব পাৰি দেশৰ বাকী প্ৰান্তত 'হৰ ঘৰ তিৰংগা’ অভিযানৰ সফলতাৰ কথা। অৱশ্যে ১৫ আগষ্টত এইবাৰেই যে দেশত প্ৰথমবাৰৰ বাবে তিৰংগা উৰুওৱা হৈছে তেনে নহয়। কিন্তু এইবাৰৰ কথা আছিল সম্পূৰ্ণ সুকীয়া।
এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে 'হৰ ঘৰ তিৰংগা’ অভিযানৰ কথা ঘোষণা কৰি দেশবাসীক ১৩-১৫ আগষ্টৰ সময়ছোৱাত তিৰংগা উৰুৱাবলৈ আহ্বান জনাইছিল। ভাৰতৰ সাংস্কৃতিক মন্ত্ৰণালয়েও আন মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ সহযোগত ২০-৩০ কোটি পতাকা উৰুওৱাৰ লক্ষ্যৰে ইয়াৰ বাবে বিশেষ ব্যৱস্থা কৰিছিল।
চৰকাৰে এই অভিযানৰ সমৰ্থনত যুক্তি আগবঢ়াই কৈছিল যে জাতীয় পতাকাৰ সৈতে ভাৰতৰ নাগৰিকসকলৰ ব্যক্তিগত সম্পৰ্কতকৈ আনুষ্ঠানিক আৰু চৰকাৰী সম্পৰ্কহে আছিল। সেয়ে নাগৰিকসকলৰ যাতে জাতীয় পতাকাৰ প্ৰতি সদ্ভাৱ আৰু অধিক বৃদ্ধি পাব পাৰে তালৈ চাই চৰকাৰে ঘোষণা কৰিছিল 'হৰ ঘৰ তিৰংগা’ অভিযান। ইয়াৰ ফলত নাগৰিকসকলৰ মাজত দেশভক্তি বৃদ্ধি পাব বুলিও ধাৰণা কৰিছিল চৰকাৰে।
কিমান লোকে উৰুৱালে ৰাষ্ট্ৰীয় পতাকা?
এই অভিযানক সম্পূৰ্ণ অত্যাধুনিক উপায়েৰে ৰূপায়ণ কৰাৰ লক্ষ্য লৈছিল চৰকাৰে। অৰ্থাৎ বহু লোকে এপযোগে ছেলফি তুলি ডিজিটেল পতাকা লগাই ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ লগতে বহু লোকে আকৌ নিজৰ ঘৰ, কাৰ্যালয় অথবা বাহনত পতাকা লগোৱা দেখা গৈছে।
সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰিসংখ্যা অনুযায়ী মঙলবাৰে দুপৰীয়া ১২ বজালৈকে ৬ কোটি লোকে 'হৰ ঘৰ তিৰংগা’ অভিযানৰ জৰিয়তে পতাকাসহ ছেলফি আপলোড কৰিছে। অৱশ্যে কিমান লোকে ঘৰত বা কাৰ্যালয়ত বা বাহনত পতাকা উৰুৱাইছে সেই পৰিসংখ্যাক লৈ চৰকাৰ এই পৰ্যন্ত স্পষ্ট হ’ব পৰা নাই।
অৱশ্যে এই অভিযানৰ যি ধৰণে প্ৰচাৰ কৰা হৈছিল তালৈ চাই ফিজিকেল মোডতো কেবা কোটি পতাকা উৰুওৱাতো প্ৰায় স্পষ্ট হৈ পৰিছে। বিশেষকৈ ব্যৱসায়ী সংস্থাই প্ৰকাশ কৰা তথ্যৰ পৰা ইয়াৰ অনুমান কৰিব পাৰি।
কৰ্পৰেশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (চিএআইটি)ৰ মতে এইবাৰ ১৫ আগষ্ট উপলক্ষে সমগ্ৰ দেশতে ব্যৱসায়ীসকলে ভিন্ন আকাৰৰ ৩০ কোটি পতাকা বিক্ৰী কৰিছে। সংস্থাটোৰ মতে এইবাৰ দেশত পতাকাৰ মুঠ ব্যৱসায় হৈছে প্ৰায় ৫০০ কোটি টকাৰ।
ইমান বৃহৎ সংখ্যক পতাকা বিক্ৰী হোৱাৰ লগে লগে এই পতাকাবোৰ কিদৰে ভালকৈ ৰখা হ’ব সেই লৈও এতিয়া চৰ্চা চলা দেখা গৈছে। কিয়নো প্ৰতিজন ভাৰতীয়ৰ বাবে এই তিৰংগা হৈছে মান-মৰ্যাদাৰ প্ৰতীক। সেয়ে ছ’চিয়েল মিডিয়াত ভিন্নজনে ১৫ আগষ্টৰ পিছত পতাকাবোৰৰ কি হ’ব আৰু কেনেকৈ মৰ্যদা সহকাৰে ৰখা হ’ব বুলি প্ৰশ্ন তুলিছে।
পতাকা জমা অভিযান
পতাকাবোৰৰ এতিয়া কি হ’ব? এই প্ৰশ্ন সকলোৱে উত্থাপন কৰি থকাৰ সময়তে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে টুইটাৰত শ্বেয়াৰ কৰা এখন পোষ্টাৰে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। পোষ্টাৰখনত লিখা আছে—
'১৫ আগষ্টৰ পিছত পতাকাবোৰৰ কি হ’ব? আশংকাৰ কোনো কাৰণ নাই। ল’ মাৰ্টিনিয়ৰ গাৰ্লছ কলেজ, লক্ষ্নৌ কলেজৰ ওচৰত ইয়াৰ সমিধান আছে। আমি ৰাজ্যৰ ভিন্ন চহৰৰ আৱাসিক অঞ্চল, ঘৰ, অনুষ্ঠান-প্ৰতিষ্ঠান, বাট-পথত উৰুওৱা পতাকাবোৰ জমা কৰি আছো। আপুনি যদি বিচাৰে তেন্তে কুৰিয়াৰযোগে পতাকা পঠিয়াব পাৰে বা ইচ্ছা কৰিলে কলেজ গেটৰ সমুখতো পতাকাবোৰ থৈ যাব পাৰে।’
ল’ মাৰ্টিনিয়ৰ গাৰ্লছ কলেজৰ অধ্যক্ষ আশ্ৰিতা দাসে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে 'হৰ ঘৰ তিৰংগা’ অভিযানৰ লগত এইদৰে সংযুক্ত হ’বলৈ কলেজ প্ৰশাসনে নিজাকৈ সিদ্ধান্ত লৈছে। ইয়াৰ সৈতে ৰাজ্য বা কেন্দ্ৰ চৰকাৰৰ কোনো সম্পৰ্ক নাই। তেওঁ আৰু কয় যে এই সন্দৰ্ভত কলেজ কৰ্তৃপক্ষই স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছে আৰু স্থানীয় প্ৰশাসনে এই ক্ষেত্ৰত পূৰ্ণ সহযোগ কৰিব বুলি সন্মতি প্ৰদান কৰিছে।
আশ্ৰিতা দাসে জনোৱা মতে, ১৫ আগষ্টৰ সন্ধিয়া এই পোষ্টাৰখন তেওঁলোকে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। 'এয়া আৰম্ভণিৰ সময়। বৰ্তমান ইমানো উৎসাহজনক সহাৰি পোৱা নাই। কিন্তু আমি নগৰ নিগম আৰু আমাৰ কলেজৰ শিক্ষাৰ্থীসকলকো এই সম্পৰ্কে অৱগত কৰিছো।’
ল’ মাৰ্টিনিয়াৰ গাৰ্লছ কলেজৰ আৰ্হিৰে ইণ্ডিয়ান অইলৰ মুম্বাই শাখায়ো ১৬ আগষ্টৰ পৰা পতাকা সংগ্ৰহ অভিযান আৰম্ভ কৰিছে। এই অভিযান অনুযায়ী মুম্বাইৰ আশে-পাশে থকা লোকসকলে ইণ্ডিয়ান অইলৰ পেট্ৰ’ল পাম্পত পতাকা জমা দিব পাৰিব।
অনুৰূপ ধৰণে 'মাই গ্ৰীণ ছ’চাইটি নামেৰে এটা স্বেচ্ছাসেৱী সংস্থায়ো পতাকা সংগ্ৰহ অভিযান আৰম্ভ কৰিছে। সম্প্ৰতি এনেদৰে নিজাববীয়াকৈ এইধৰণৰ প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে যদিও বৰ্তমানলৈকে কেন্দ্ৰ অথবা ভিন্ন ৰাজ্যৰ চৰকাৰসমূহে কোনো ব্যৱস্থা লোৱাৰ কথা জানিব পৰা হোৱা নাই। অসমতো এই পৰ্যন্ত কোনো দল-সংগঠনে পতাকা সংগ্ৰহ কৰি থকাৰ কথা পোহৰলৈ অহা নাই।
পতাকা নষ্ট কৰিব পাৰিনে?
পতাকা জমা কৰা সংস্থাসমূহৰ ওচৰলৈহে যে দেশবাসীয়ে পতাকা জমা কৰিবলৈ যাব লাগিব তেনে কোনো কথা নাই। সৰ্বসাধাৰণে নিজাববীয়াকৈও পতাকা জমা ৰাখিব পাৰে সেয়া নষ্ট কৰিবও পাৰে। ইণ্ডিয়ান ফ্লেগ ফাউণ্ডেশ্যনৰ চিইঅ’ অসীম কোহলিয়ে বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে 'হৰ ঘৰ তিৰংগা’ অভিযানক লৈ দেশবাসীৰ মাজত যথেষ্ট ভুল ধাৰণা প্ৰচাৰ হৈ আছে।
'মানুহৰ মনত ভুল ধাৰণা আছে যে পতাকা কেৱল ১৩ৰ পৰা ১৫ আগষ্টৰ ভিতৰতহে লগাব লাগিব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেতিয়াও এনেকৈ কোৱা হোৱা নাই যে ১৫ আগষ্টৰ পিছত পতাকা নমাই পেলোৱাতো বাধ্যতামূলক। পোন প্ৰথমে সকলোৱে এই কথাটো বুজি পাব লাগিব।’-এইদৰে কয় অসীম কোহলিয়ে।
তেওঁ আৰু কয়, 'ভাৰতত বছৰৰ ৩৬৫ দিনেই ঘৰ, কাৰ্যালয় বা ৰাজহুৱা স্থানত পতাকা উৰুওৱাৰ অধিকাৰ সাধাৰণ জনতাৰ আছে। উচ্চতম ন্যায়ালয়ে ২০০৪ চনত দিয়া এক ৰায়দানৰ পিছৰে পৰা এয়া সম্ভৱ হৈছিল। সেয়ে ১৫ আগষ্টৰ পিছত ঘৰত উৰি থকা পতাকাখন যে নমাই থবই লাগিব তেনে কোনো বাধ্যবাধকতা নাই। আপুনি সেয়া নিৰ্দিষ্ট স্থানত উৰি থাকিবলৈ দিব পাৰে।’
কিন্তু যদিহে পতাকাখন বতাহৰ কোবত ফাটি গৈছে বা আন কাৰণত লেতেৰা হৈ পৰিছে তেতিয়া ফ্লেগ কোড ২০২২ (ভাৰতীয় পতাকা সংহিতা)ৰ নিয়ম অনুযায়ী সেয়া নষ্ট কৰি পেলাব পাৰি।
উল্লেখ্য যে, ভাৰতীয় পতাকা সংহিতা ২০০২ চনত প্ৰণয়ন কৰা হৈছিল আৰু ২০২১ চনত ইয়াৰ নীতি-নিয়মৰ কিছু সালসলনি কৰা হয়। ফ্লেগ কোড অনুযায়ী যদিহে পতাকা ফাটি গৈছে বা লেতেৰা হৈ পৰিছে তেন্তে সেই পতাকাখন সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাব পাৰি।
নষ্ট হৈ যোৱা বা উৱলি যোৱা পতাকাখন জ্বলাই দি বা মৰ্যাদাসহকাৰে আন উপায়েৰে নষ্ট কৰাৰ বিধানো ভাৰতীয় পতাকা সংহিতাত আছে। অৱশ্যে সন্মান সহকাৰে বা মৰ্যাদাসহকাৰে পতাকা নষ্ট কৰাৰ পদ্ধতি কি কি হ’ব পাৰে সেই সম্পৰ্কে ফ্লেগ কোডত কোনো কথা নিৰ্দিষ্ট কৰি দিয়া হোৱা নাই।
এই সন্দৰ্ভত অসীম কোহলিয়ে কয়, 'কোনো কোনো লোকৰ বাবে পতাকা নষ্ট কৰাৰ সন্মানিত পদ্ধতি পুতি থোৱাতো হ’ব পাৰে, কোনো লোকৰ বাবে সেয়া গংগাত উটুৱাই দিয়াটোও হ’ব পাৰে। কোনো লোকৰ বাবে পতাকাখন জ্বলাই দিয়াটোও নষ্ট কৰাৰ সন্মানিত পদ্ধতি হ’ব পাৰে। আপুনি ইয়াৰ যিকোনো এটা পদ্ধতিয়েই গ্ৰহণ কৰিব পাৰে। কিন্তু মনত ৰাখিব সেয়া সম্পূৰ্ণ ব্যক্তিগতভাৱে কৰিব আৰু তাৰ কোনো ভিডিঅ’ কৰি নাৰাখিব। অন্যথাই ভিডিঅ’ কৰিলে সেই ভিডিঅ’টো কোনো লোকে অসৎ উদ্দেশ্যত ব্যৱহাৰ কৰাৰ সম্ভাৱনা থাকি যায়।’
পতাকা নষ্ট কৰাক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত অসীম কোহলিয়ে আৰু কয়, 'পতাকা নষ্ট বা নিঃশেষ কৰাৰ কাম ৰাজহুৱা স্থানত নকৰি ঘৰত অকলেই কৰাতো বুদ্ধিমানৰ কাম হ’ব। এনে কৰিলে পতাকা জমা ৰখা সংগঠনৰো কোনো প্ৰয়োজন নহ’ব বা পতাকা ৰাজহুৱা স্থানত বা পদপথ, ডাষ্টবিন আদিত পৰি থকাৰ দৰে অশোভনীয় দৃশ্যও দেখিবলৈ পোৱা নাযাব।’