
গুৱাহাটীঃ ৰাজ্যত এতিয়া মহিলা-শিশু কিমান সুৰক্ষিত তাকলৈ এতিয়া চৌদিশে উত্থাপন হৈছে প্ৰশ্ন৷ ৰাজ্যৰ নাৰীক সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা মিত্ৰজোঁটৰ তিনিওটা দল অগপ, বিপিএফ আৰু বিজেপিৰ বিৰুদ্ধে নাৰীক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে৷
ৰাজ্যত তিনিওটা দলে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা অভিলেখ সংখ্যাক ধৰ্ষণ, নাৰী নিৰ্যাতন আৰু হত্যাকাণ্ড সংঘটিত হৈছে৷ প্ৰতিটো কাণ্ডৰ পিছতে চৰকাৰে নাৰীক সুৰক্ষা দিয়াৰ কথা কয় যদিও এটাৰ পিছত এটা তেনে ঘটনা সংঘটিত হৈ আহিছে ৰাজ্য খনত৷
ৰাজ্যৰ গ্ৰাম্য এলেকাৰ দূৰৰ কথা খোদ ৰাজধানী মহানগৰীতে নাৰীৰ সুৰক্ষা নোহোৱা হৈছে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰৰ সমীপতে ৫ বছৰীয়া শিশু কন্যা যৌন নিৰ্যাতনৰ সন্মুখিন হ’ব লগা হৈছিল৷ গ্ৰাম্য এলেকাটো দূৰৰ কথা এতিয়া আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে গিজগিজাই থকা ৰাজধানী মহানগৰীতে নাৰী সুৰক্ষিত নহয়৷
এইবাৰ ৰাজধানী মহানগৰীত আৰক্ষীৰ থানাৰ সন্মুখতে এগৰাকী মহিলাক পেলাই থৈ যোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মহানগৰীৰ গড়চুক আৰক্ষী থানাৰ সন্মুখত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হয় এগৰাকী বিবাহিত মহিলা। গুৱাহাটীৰ গড়চুকৰ লাচিতগড় হাইস্কুলৰ সমীপত উদ্ধাৰ হয় মহিলাগৰাকী।
গুৱাহাটী মহানগৰীত এখন আৰক্ষী থানাৰ পৰা প্ৰায় ২৫০ মিটাৰ নিলগত অচেতন অৱস্থাত উদ্ধাৰ হ’ল মহিলাগৰাকী৷ আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে গিজগিজাই থকা মহানগৰীত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকী৷ গড়চুক আৰক্ষী থানাৰ পৰা কিছু নিলগত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ দেহত আঘাতৰ চিন থকাৰ লগতে শৰীৰত তেজৰ দাগ লাগি আছিল৷
বিহু চাব যোৱাৰ সন্দেহ কৰাৰ লগতে ধৰ্ষণ কৰি পেলাই থোৱাৰ যোৱাৰ সন্দেৰ কৰা হৈছে৷ কোনো লোকে মহিলাক পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মহিলাক উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে৷ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মহিলাগৰাকী পুত্ৰৰ সৈতে গুৱাহাটীত থাকে যদিও স্বামী কৰ্মসুত্ৰে বাহিৰত থাকে বুলি স্থানীয় লোকে সন্দেহ কৰে৷