গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বৃক্ষৰোপন, স্বচ্ছ অভিযানকে ধৰি সজাগতা মূলক কাৰ্যসূচী ৰূপায়ন কৰে। গোৰেশ্বৰ, নাওকাটা, বাঙালীপাৰা আদিত এই উপলক্ষে আয়োজন কৰা হয় বিভিন্ন দিনজোৰা কাৰ্যসূচীৰ।
গোৰেশ্বৰ ব্যৱসায় সমিতিয়ে পৰিৱেশ দিৱস উপলক্ষে গোৰেশ্বৰ ৰেলৱে ষ্টেশ্যন প্ৰাংগনত স্বচ্ছ অভিযানৰ লগতে বৃক্ষৰোপন কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গাৰোগাওঁ শাখা সমিতিৰ সহযোগত পশ্চিম গাৰোগাওঁ প্ৰাথমিক বিদ্যালয়ত পৰিৱেশ দিৱস পালন কৰাৰ লগতে পৰিষদৰ পূব ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু জাবংপাৰ শাখা সমিতিৰ সহযোগত জাবাংপাৰ শিৱ মন্দিৰ প্ৰাংগনতো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।
ইপিনে শিখৰ এডভেঞ্চাৰ ক্লাৱৰ উদ্যোগত গোৰেশ্বৰ মহাবিদ্যাল প্ৰাংগণত বৃক্ষৰোপন কৰা হয়। আনহাতে গোৰেশ্বৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ উদ্যোগত ৰামছা প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত বৃক্ষৰোপনকে ধৰি সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ-ছাত্ৰীসকলে।
অসম বিজ্ঞান সমিতি গোৰেশ্বৰ শাখাৰ উদ্যোগতো গোৰেশ্বৰ ছোৱালী হাইস্কুলত পৰিৱেশ দিৱস উদযাপন কৰা হয়। আৰ্যভট্ট চায়েন্স একাডেমি, গোৰেশ্বৰ আৰু জ্ঞানজ্যোতি জাতীয় বিদ্যালয়, বাঙালীপাৰা, বেতনা মজলীয়া বিদ্যালয় আৰু গোৰেশ্বৰ চিআৰপিএফ কেম্পতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৃক্ষৰোপন কৰা হয়।