16
Oct
2017

গুৱাহাটীঃ মহানগৰ আৰক্ষীৰ অভিযানত জালত পৰিল অবৈধ জৰ্দা৷ সোমবাৰে মহানগৰ আৰক্ষীয়ে খানাপাৰত অভিযান চলাই এখন বলেৰ’ পিক আপ ভান জব্দ কৰে৷
জব্দ কৰা বাহন খৰ পৰা প্ৰায় ১০ লাখ টকাৰ জৰ্দা উদ্ধাৰ কৰে আৰক্ষীয়ে৷ জানিব পৰা মতে প্ৰায় ৪৭,০০০ পেকেট সৰু-বৰ জৰ্দা গাড়ী খনেৰে বৰ্ণিহাটলৈ নি আছিল৷ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তীত অতৰ্কিতে অভিযান চলাই জৰ্দা খিনি জব্দ কৰিবলৈ সক্ষম হয়৷