ফাইল ফটো
ফাইল ফটো

গুৱাহাটীঃ ৰাজ্যত আকৌগুণোৎসৱ৷ বুধবাৰে পুৱাৰে পৰা শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱে ব্যস্ত হৈ পৰিল গুণোৎসৱৰ বাবে৷ ৰাজ্যৰ শিক্ষানুষ্ঠানত বুধবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফল ঘোষণাৰ পিছতে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হয় বুধবাৰৰ পৰা৷ গুণোৎসৱ নিয়াৰিকৈ সম্পন্ন কৰি উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বাবে ইতিমধ্যে প্ৰতিটো শিক্ষা খণ্ডৰ প্ৰতিখন বিদ্যালয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি জানিব পৰা গৈছে৷

গুণোৎসৱৰ বাবেই বিদ্যালয়সমুহো ন-ৰূপত সজাই তুলিছে। বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুপাতে শিক্ষকৰ অভাৱ, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হোৱা সত্বেও প্ৰতিখন বিদ্যালয়ে গুণোৎসৱক যাতে ভাল ফলাফল লাভ কৰিব পাৰে তাকে লৈ আৰম্ভ কৰিছিল ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ শৈক্ষিক উন্নয়ন সাধন কৰাৰ বাবে শিক্ষা বিভাগে আৰম্ভ কৰিছে গুণোৎসৱ৷ বুধবাৰৰ পৰা শোণিতপুৰ জিলাকে ধৰি ১৩ জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈছে৷

গুণোৎসৱত লিখনৰ ওপৰত মান নিৰূপনকে ধৰি, পৰিস্কাৰ, পৰীক্ষাৰ ফলাফল আদি পৰ্যবেক্ষণ কৰিব পৰিদৰ্শকে৷ অসমীয়া, ইংৰাজী, গণিত আৰু পৰিবেশৰ অধ্যয়ণৰ আদিৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলেও প্ৰস্তুত হৈছে৷ গুণোৎসৱৰ লিখন পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই বিদ্যালয়সমূহে৷ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত কৰাত বাৰে বাৰে বাধা আহি পৰিছেল। তিনিবাৰকৈ সলনি কৰিব লগা হৈছিল দিন৷ কিয়নো NRCৰ খচৰা প্ৰকাশৰ বাবে বিষয়া কৰ্মচাৰী ব্যস্ত হৈ পৰাত বাৰে বাৰে পিছুৱাই দিব লগা হৈছিল৷

অৱশেষত জল্পনা-কল্পনাৰ অন্তত বুধবাৰৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে গুণোৎসৱ৷ ১৩ খন জিলাৰ ১৭,৮৮৪ খন নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সৰ্বমুঠ ১২,৩৭,৯২২গৰাকী ছাত্ৰ–ছাত্ৰীয়ে গুণোৎসৱত অংশ লব৷ প্ৰথমে ৬-৯ নৱেম্বৰলৈ গুণোৎসৱৰ দিন ধাৰ্য কৰিছিল। এই দিন সলনি কৰি ৫-৮ ডিচেম্বৰলৈ তাৰ পিছত পুণৰাই ২৬-২৯ ডিচেম্বৰলৈ অনুষ্ঠিত কৰা দিন ঠিক কৰিছিল যদিও অৱশেষত এই দিনো সলনি কৰি চৰকাৰে এনআৰচিৰ খচৰা প্ৰকাশ হোৱাৰ পিছতহে অৰ্থাৎ ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ অনুষ্ঠিত কৰিলে গুণোৎসৱ৷