
ডিজিটেল ডেস্কঃ প্ৰৱল বৰষুণৰ পৰা বাচিবলৈ গৈ ফুট ব্ৰীজত উঠি প্ৰাণ গ’ল ২২ জনৰ৷ এই ঘটনা সংঘটিত হৈছে দেশৰ প্ৰধান বাণিজ্যৰ চহৰ মুম্বাইত৷ মুম্বাইৰ এলফিনষ্টোন ৰেল ষ্টেছনত সংঘটিত ঘটনাৰ ফলত ৰেল ষ্টেছনত হুৱা-দুৱা লাগে৷
শুকুৰবাৰে পুৱাৰে পৰা মুম্বাইত প্ৰৱল বৰষুণ দিবলৈ আৰম্ভ কৰে৷ পুৱাৰ ভাগত বৰষুণ দিবলৈ আৰম্ভ কৰাৰ সময়তে ষ্টেছনত ৰেলৰ বাবে ৰৈ থকা কেইবা শ লোকে বৰষুণৰ পৰা নিজকে বচাবলৈ ফুট ব্ৰিজত উঠে৷ কেইবা শ লোক উঠাত ভৰ সহিব নোৱাৰি ফুট ব্ৰীজখন খহি পৰে৷ লগে লগে হুৱা-দুৱা লাগে ষ্টেছনটোত৷
পুৱা ১০-৪৬ বজাত সংঘটিত ঘটনাৰ ফলত থিতাতে ১৫গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে চিকিৎসালয়ত ৭গৰাকী লোকৰ মৃত্যু হয়৷৷ প্ৰায় ২০ গৰাকী লোক গুৰুতৰভাবে আহত হয়৷ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে৷
একাংশ লোকে জানিবলৈ দিয়া মতে ষ্টেছনটোৰ দুয়োটা মূৰক সংযোগ কৰা ফুট ব্ৰীজ খনত প্ৰায়েই বৰষুণ দিলে যাত্ৰীসকলে দৌৰ মাৰি উঠে৷ ষ্টেছনত বৰষুণ নপৰা ঠাইৰ অভাৱৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলিও কয় একাংশ লোকে৷