ডিজিটেল ডেস্কঃ পাকিস্তানে বাৰে বাৰে চুক্তি উলংঘা কৰি গুলীচালনা কৰি অহাৰ সময়তে ভাৰত-পাক সীমান্তত বৃহস্পতিবাৰে দুয়োখন দেশৰ মাজত চেক্টৰ কামাণ্ডাৰ পৰ্যায়ৰ বৈঠকত অনুষ্ঠিত হয়৷ জম্মু কাশ্মীৰৰ চুছেটগঢ় এলেকাত বিএছএফ আৰু পাকিস্তান চেক্টৰ ৰেঞ্জাৰৰ মাজত বৈঠক অনুষ্ঠিত হয়৷
A Sector Commander Level flag meeting was held between BSF India & Pakistan Rangers in Suchetgarh area of Jammu, general day to day border mgmt issues were discussed. BSF officials sought Pakistan Rangers’ cooperation towards maintaining peace & tranquility on Int'l border. pic.twitter.com/trjetokOGW
— ANI (@ANI) February 23, 2018
প্ৰতিদিনে সীমান্তত অনুষ্ঠিত হোৱা উত্তেজনা পূৰ্ণ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰি শান্তি বাহাল ৰখাৰ কথাও আলোচনাত ঠাই লাভ কৰে৷ উল্লেখ যোগ্য যে, যোৱা কেইটামান দিনৰ ভিতৰতে পাকিস্তানে বাৰে বাৰে যুদ্ধ বিৰতি চুক্তি উলাংঘন কৰি আহিছে৷
আনহাতে ১০ ফেব্ৰুৱাৰীৰ নিশা জম্মু কাশ্মীৰত সেনাৰ চুঞ্জৱান সেনাৰ শিবিৰত উগ্ৰপন্থীয়ে ভয়াবহ আক্ৰমণ কৰে৷ সেনাৰ শিবিৰৰ পিছফালেৰে সন্ত্ৰাসবাদী প্ৰৱেশ কৰে চুঞ্চৱান সেনাৰ শিবিৰত৷ চুঞ্জৱান আক্ৰমণ কাণ্ডত ১০গৰাকী লোকৰ মৃত্যু হয়৷ ৬গৰাকী জোৱান, এগৰাকী সাধাৰণ নাগৰিক আৰু ৩ জেইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে৷ যোৱা ১০ ফেব্ৰুৱাৰীৰ পুৱতি নিশাই ভয়াবহ আক্ৰমণ সংঘটিত কৰিছিল চুঞ্জৱান সেনাৰ শিবিৰত৷