News Next one , ৮ জুলাই ঃ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী এল. ডি .হাসঁদাই অসমৰ বিভিন্ন প্ৰান্তত চাওঁতালী গীত গাই প্ৰশংসা আৰু মৰম বুটলিবলৈ সক্ষম হোৱাৰ লগতে তেওঁৰ গীতৰ লহৰ বৰ্হিৰাজ্যতো সমানে সমাদৃতা হৈছে ৷
সম্প্ৰতি শিল্পী হিচাবে প্ৰতিষ্ঠা লাভ কৰা হাসঁদাই কেইবাটাও চাওঁতালী গীতৰ জনপ্ৰিয় ভিডিঅ এলবাম প্ৰস্তুত কৰাৰ লগতে সংগীত পৰিচালনাও কৰি আহিছে ৷ অলপতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ সিধু মুৰ্মু , কানহু মুৰ্মুৰ বৈপ্লৱিক জীৱন দৰ্শনৰ ওপৰত "হুল মাহা" নামেৰে এখন ভিডিঅ গীতৰ এলবাম মুক্তি পায় ৷ এলবামটি ৰাইজৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে ৷
ইয়াৰ পাছত আদিবাসী চাহ জনগোষ্ঠীৰ ওপৰত আধাৰিত "পাইপ লাইন উপৰে" ঝুমইৰ গীতৰ আন এখন ভিডিঅ এলবাম প্ৰস্তুত কৰে ৷ অতি শীৰ্ঘেই মুক্তি পাব লগা এই ভিডিঅ এলবামটিৰ সংগীত পৰিচালনা ভিক্টৰ লাকড়াৰ , কন্ঠদান কৰিছে এল.ডি হাসঁদা , মিনালী হেমৰমে , ৷ ভিডিঅ এলবামটিৰ মুখ্য চৰিত্ৰত আছে যতন মুৰ্মু আৰু লক্ষী গড়ঁ ৷ এলবামটিৰ নেপথ্যত সহযোগ কৰিছে তপন চৰেণ আৰু নয়নমণি গড়েঁ ৷ নৃত্যত এৰাসুঁতি যুৱতীৰ দলে সুন্দৰকৈ প্ৰৰ্দশন কৰি এক অনন্যা মাত্ৰা প্ৰদান কৰিছে ৷ ভিডিঅ গীতৰ এলবামটি L.D .Hasda নামৰ ইউটিউব চেনেলত উপলব্ধ হব ৷
সেয়েহে সকলো সংগীত প্ৰেমী ৰাইজে গীতটি উপভোগ কৰাৰ লগতে আৰু প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে L.D Hasda নামৰ ইউটিউব চেনেলটিক Subcribe , Like comment আৰু Share কৰিবৰ বাবে অনুৰোধ জনাই কণ্ঠশিল্পী এল.ডি হাসঁদাই ৷
বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ প্ৰতিবেদন ৷