দেৰগাৱঁ=- গ্ৰীষ্মৰ অন্তৰ লগে লগে প্ৰকৃতিৰ বুকুলৈ পৰিবৰ্ত্তনৰ ঢৌৱে সকলোতে মৌচুমী জলবায়ুৰ সঞ্চাৰ কৰে ৷ চাৰিও ফালে সেউজীয়া পৰিবেশে বিৰাজ কৰে ৷ মৌচুমী জলবায়ুৰ লগে লগেই বাৰিষাৰ বৰষুণে খৰাং ধৰাত উৰ্বৰতাৰ বীজ সিঁচি দিয়ে ৷ লগে লগে অসমৰ বিভিন নৈ-উপনৈ সমূহতো বাৰিষাৰ বৰষুণে ঢল নমাই আনে ৷

এই ঢল বাঢ়ি আহি নৈ পৰীয়া ৰাইজৰ বাবে আতংকৰ সৃষ্টি কৰে ৷ বাৰিষাৰ বৰষুণ যিমান আনন্দৰ সিমানেই ভয়ানকো হয় ৷ নিশাৰ ভিতৰতে মূষলধাৰে পৰিবলৈ ধৰা বৰষুণ জাকে বানৰ সংহাৰী ৰূপ ধাৰণ কৰি ঘৰ-দুৱাৰ ভাঙি নৈ পৰীয়া মানুহৰ লগতে জীৱকূলৰ প্ৰতিও অশনি সমকেত কঢ়িয়াই আনিছে ৷ ৰাতিৰ ভিতৰতে সেয়ে নৈ পৰীয়া ৰাইজ নিৰাপদ স্থানলৈ যাত্ৰা কৰে ৷

ইফালে ক'ভিডৰ শংকা অন্ত নৌপৰোতেই আৰম্ভ হৈছে নৈৰ গৰা খহনীয়াৰ সমস্যা । ভৰ বাৰিষাৰ ব্ৰহ্মপুত্ৰই এতিয়া কালৰূপ ধাৰণ কৰিছে । চপৰা-চপৰে খহিছে নৈৰ গৰা । খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে দেৰগাৱঁৰ বাঘেধৰাত ৷ মুহূৰ্তৰ ভিতৰতে নদীৰ বুকুত জাহ গৈছে বিশাল ভূমি খণ্ড । নিশাৰ ভিতৰতে নদী খন আহি ঘৰৰ কাষ পাইছেহি নৈপৰীয়াৰ । প্ৰাণৰ মমতাত নৈপৰীয়া লোক সকলে নিশাৰ ভিতৰতে ঘৰ-দুৱাৰ ভাঙি ছিঙি ৰাওনা হৈছে নিৰাপদ স্থানলৈ । কোনো গৃহহাৰা লোকে আশ্ৰয় লৈছে ওচৰৰ বিদ্যালয়ত ।