07
Jul
2021

যোৰহাট বড়ীগাৱঁৰ গভাইত গাড়ী চোৰ ইন্দ্ৰ দাস দেৰগাওঁ আৰক্ষীৰ জালত পৰাৰ পিছতেই সন্ধান ওলাইছে চুৰি গাড়ীৰ ।
শিৱসাগৰৰ পৰা চুৰি কৰি আনি দেৰগাৱঁত লুকুৱাই থোৱা AS 04 AC 8040 নম্বৰৰ বলেৰ' পিকআপ ভান খন মংগলবাৰে নিশা দেৰগাওঁ আৰক্ষীয়ে উদ্ধাৰ কৰিছে । সোমবাৰে দেৰগাৱঁৰ কুমাৰ গাৱঁৰ এটা ঘৰত গোপনে আশ্ৰয় লৈ থকা অৱস্থাত দেৰগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গাড়ী চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰা ইন্দ্ৰ দাসক ।
সম্প্ৰতি দেৰগাওঁ থানাত জেৰা চলাই থকা হৈছে ইন্দ্ৰ দাসক । আৰক্ষীৰ মাৰাথান জেৰাত পোহৰলৈ আহিছে আন কেইবাখনো চুৰি গাড়ীৰ তথ্য ।