newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গৰখপুৰৰ বি আৰ ডি হাস্পাতালৰ চিকিৎসক ড০ কাফিল আহমেদৰ ভাতৃক গুলিয়াই হত্যা কৰাৰ চেষ্টা কৰা বুলি খবৰ আহিছে৷ গৰখপুৰৰ বি আৰ ডি হাস্পাতালৰ অক্সিজেন সমাপ্ত হোৱাৰ সময়ত নিজ প্ৰচেষ্টাত অক্সিজেন যোগান ধৰি জেল খাব লগা হোৱা ড০ কাফিল আহমেদৰ ভাতৃ কাচিফ জামালক অচিনাক্ত দুৰ্বত্তই গৰখপুৰত গুলিয়াই হত্যাৰ চেষ্টা কৰে৷ দুজন বাইকত অহা দুৰ্বৃত্তই গুলিয়াই নিৰ্বিঘ্নে আতৰি যায়৷ বৰ্তমান গৰখপুৰ হস্পিতালত মৃত্যুৰ সৈতে যুঁজিছে বুলি জানিব পৰা গৈছে।
২০১৭ চনৰ আগষ্ট মাহৰ কথা৷ উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বি আৰ ডি হাস্পতালত আচম্বিতে সৃষ্টি হৈছিল বিভীষিকাৰ। হাস্পতালখন পৰ্যবসিত হৈছিল যমপুৰীলৈ। চৌদিশে পীড়িত শিশুৰ মৰণকাতৰ ক্ৰন্দন, অভিভাৱকৰ আৰ্তনাদৰ মাজতে এগৰাকী চিকিৎসকে ভগৱান হৈ পৰিছিল ৰোগী আৰু অভিভাৱকৰ বাবে৷
বিভীষিকাৰ সেই সময়ছোৱাতে কিন্তু হাস্পতালখনত আৱিৰ্ভাৱ ঘটা ভগৱান ৰক্ষা কৰিলে নিষ্পাপ কণমানিৰ প্ৰাণ। তেজ-মঙহৰ ভগৱানৰ বাবেই ৰক্ষা পৰিল বহু কণমানিকৰ মৃত্যু হ’ল যদিও বহু কণমানিৰ প্ৰাণ ৰক্ষা পৰিছিল। সকলোৱে ঈশ্বৰ আখ্যা দিয়া লোকজনৰ নাম ডা০ কাফিল খান।
উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বি আৰ ডি হাস্পতালৰ চিকিৎসক আছিল ডা০ কাফিল খান৷ শিশুৰ ৱাৰ্ডৰ প্ৰায়বোৰ অক্সিজেন চিলিণ্ডাৰেই খালী হৈ পৰাত জীৱন দায়িনী গেছৰ অভাৱত যন্ত্ৰৰ পৰা শিশুক ৰক্ষা কৰিবলৈ চেষ্টা কৰা চিকিৎসকগৰাকীয়ে পিছত প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছিল৷
প্ৰায় ৮ মাহ জেলত থকাৰ অন্তত ২৪ এপ্ৰিলত এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিনত মুকলি কৰি দিয়ে৷ ন্যায়াধীশ যশৱন্ত সিঙে শুনানিৰ অন্তত জামিনত মুকলি কৰে৷ চক্ৰান্ত, চৰকাৰী কৰ্মচাৰৰী দ্বাৰা অপৰাধ উলংঘন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ২০১৭ চনৰ ২ চেপ্তেম্বৰত৷
ষড়যন্ত্ৰৰ বলি হোৱা বুলি দুখ প্ৰকাশ কৰি কাফিলে এখন চিঠি লিখিছিল, জামিন নোহোৱাকৈ আঠ মাহৰ কাৰাবাস, মই সঁচায়ে দোষীনে? আনহাতে দিল্লী প্ৰেছ ক্লাৱত চিকিৎসক কাফিলৰ পত্নীয়ে প্ৰকাশ কৰিছিল এখনচিঠি। চিঠিখনত উল্লেখ থকা মতে সেই সময়ত চিকিৎসকগৰাকী ছুটিত আছিল যদিও হোৱাটছএপ যোগে অৱগত হোৱাৰ পিছতে চিকিৎসালয়লৈ আহি এগৰাকী চিকিৎসক, সচেতন নাগৰিক হিচাপে যিমানখিনি পাৰি কৰিছিল বুলি কোৱা হৈছে। জেলত তেওঁক হত্যা কৰাৰ চেষ্টা কৰা হ’ব পাৰে বুলিও অভিযোগ উত্থাপন কৰিছিল পত্নীয়ে৷