মৰিগাঁৱৰ পৰীক্ষা কেন্দ্রত আকস্মিক পৰিদৰ্শন কৰি কিয় হতভম্ব হ’ল উপায়ুক্ত

মৰিগাওঁঃ বৰ্তমানে চলি থকা উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ এটা পৰীক্ষা কেন্দ্র প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে মৰিগাঁও জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক।
জিলা খনৰ শীৰ্ষ বিষয়া দুজনক হতভম্ব কৰি তুলা পৰীক্ষা কেন্দ্রটো হৈছে পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়। যাৰ ফলত ৫ জন শিক্ষাৰ্থী আৰু ২ জন শিক্ষক পৰীক্ষাৰ পৰা বহিস্কাৰ হব লগা হ’য়।
জানিব পৰা মতে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আকস্মিক ভাবে আজি পৰিদৰ্শন কৰে উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা চলি থকা মৰিগাঁও জিলাৰ পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰত।
উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ তৰ্কশাস্ত্ৰ আৰু দৰ্শন বিষয়ৰ পৰীক্ষা চলি থকা পৰীক্ষা কেন্দ্রটোত প্ৰবেশ কৰিয়েই জিলা প্ৰশাসনৰ দুই শীৰ্ষ বিষয়াই প্ৰত্যক্ষ কৰে পৰীক্ষাৰ্থী সকলে পৰীক্ষাৰ দায়িত্বত থকা নিৰিক্ষক সকলৰ সন্মুখতেই মুকলি ভাৱে গ্ৰহণ কৰি থকা অসৎ পন্থাৰ কাৰ্য।
এই কাৰ্যত ক্ষুন্ন হৈ পৰা জিলা উপায়ুক্ত ঋতুৰাজ বৰাই লগে লগে বিদ্যালয় সমূহৰ পৰিদৰ্শক ড০ তিলক চন্দ্ৰ শইকীয়াক নিৰ্দেশ দি পৰীক্ষাৰ দায়িত্বত থকা শিক্ষক আৰু অসৎ পন্থা অৱলম্বন কৰা ছাত্ৰ ছাত্ৰী সকলক বিহিত ব্যৱস্থা ল’বলৈ দিয়ে।
ইয়াৰ পিছতেই বিদ্যালয় সমূহৰ পৰিদৰ্শক ড০ শইকীয়াই অসৎ পন্থা অৱলম্বনত জড়িত ৫ জন ছাত্ৰ ছাত্ৰী আৰু ২ শিক্ষকক তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ পৰীক্ষাৰ কৰ্তব্যৰ পৰা বহিস্কাৰ কৰে।