৮০০ মিটাৰ দৌৰৰ পুৰুষ শাখাত সোণ, ৰূপ আজুৰিলে ভাৰতৰ মনজিৎ সিং আৰু জনচনে

newsnextone.com।ডিজিটেল ডেস্কঃ এছিয়ান গেমছৰ বেডমিণ্টন ইভেণ্টৰ মহিলাৰ ছিংগলছৰ ফাইনেলত পৰাস্ত হয় পিভি সিন্ধু। স্বৰ্ণ জয়ৰ যুঁজখনত ভাৰতীয় শ্বাটলাৰগৰাকী পৰাভূত হয় বিশ্বৰ ১ নং খেলুৱৈ চীনৰ টাই ঝু ইয়িঙৰ হাতত।

মঙলবাৰে অনুষ্ঠিত খেলখনত সিন্ধুৱে জয়ৰ বাবে সম্পূৰ্ণ চেষ্টা চলাইছিল যদিও বিশ্বৰ ১ নং খেলুৱৈগৰাকীৰ হাতত ২১-১৩, ২১-১৬ ব্যৱধানত পৰাজয় বৰণ কৰে। ফলত ৰূপৰ পদকতে সন্তুষ্ট থাকিবলৈ বাধ্য হৈ পৰে শ্বাটলাৰগৰাকী।

উল্লেখ্য যে, আন এগৰাকী তাৰকা শ্বাটলাৰ ছাইনা নেহৱালো ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জতে সন্তুষ্ট থাকিবলগীয়া হৈছিল। সেয়া হ’লেও এছিয়ান গেমছত ১৯৮২ চনৰ অন্তত বেডমিণ্টনৰ মহিলাৰ ছিংগলছত এয়া হৈছে এক উল্লেখনীয় সফলতা। অন্যহাতে ৮০০ মিটাৰ দৌৰৰ পুৰুষ শাখাত সোণ,ৰূপ আজুৰিলে ভাৰতৰ মনজিৎ সিং আৰু জনচনে