14
Sep
2018

newsnextone.com। ডিজিটেল ডেস্কঃ বহু প্ৰতিক্ষাৰ অন্তত অৱশেষত অসমবাসীৰ বাবে আহিল এটা ভাল খবৰ। ভাৰতৰ নৱতম মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে সুযোগ্য অসম সন্তান তথা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈক।
বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰঞ্জন গগৈক দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি প্ৰদান কৰে। মুখ্য ন্যায়াধীশৰূপে ৰঞ্জন গগৈয়ে ৩ অক্টোবৰ তাৰিখে দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। তেওঁৰ কাৰ্যকাল ২০১৯ বৰ্ষৰ নৱেম্বৰ মাহলৈকে।