গোলাঘাট, ২৫ আগষ্ট : চৰকাৰী ৰাজসাহায্যযুক্ত চাউল হৰলুকী আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগত গোলাঘাটৰ আধাৰসত্ৰৰ গোহাঁইসত্ৰ নিৱাসী সুলভ মূল্যৰ দোকানী মহম্মদ মাতবৰ আলিৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰা হৈছে ।

উল্লেখযোগ্য যে যোৱা ১৩ আগষ্টত গোলাঘাট জিলাৰ বগীজান থানাৰ অন্তৰ্গত উল্টাজানৰ আঠাবাৰীৰ বিপুল হেমৰম নামৰ এজন লোকৰ বাসগৃহৰ পৰা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ তথা বগীজান আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই ভাৰতীয় খাদ্য নিগমৰ ১১.৫০কুইণ্টল ওজনৰ ২৩ বস্তা চাউল জব্দ কৰিছিল । লোকজন ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু মধ্যাহ্ন ভোজনৰ ৰাজসাহার্যযুক্ত চাউল ক্ৰয় তথা বিক্ৰীৰ ব্যৱসায়ত জড়িত আছিল ।

ঘটনা সন্দৰ্ভত জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে বগীজান থানাত গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছিল । এই তদন্তৰ ভিত্তিত মহম্মদ মাতবৰ আলি চৰকাৰী ৰাজসাহায্যযুক্ত চাউলক লৈ সংঘটিত অনিয়মত জড়িত থকা বুলি তথ্য লাভ কৰাৰ পাছতেই জিলা উপায়ুক্তই তদন্ত সম্পূৰ্ণ নোহোৱালৈকে তেওঁৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে । মাতবৰ আলিৰ গ্ৰাহকসকলক আধাৰসত্ৰৰ নপমুৱা গাঁৱৰ মঞ্জুলা শইকীয়া বৰাৰ সুলভ মূল্যৰ দোকানৰ সৈতে সংলগ্ন কৰা হৈছে ।