NEWS NEXT ONE, বিশ্বনাথ চাৰিআলি ঃ অসমৰ জনপ্ৰিয় আলোচনী "ৰ’দ"ৰ শুভ উন্মোচনীৰ কাৰ্যসুচী যোৱা কালি বিশ্বনাথ চহৰৰ মাজমজিয়াত আজি অনুষ্ঠিত হয় ৷

গুৱাহাটী আৰু বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰকাশিত জনপ্ৰিয় "ৰ’দ" আলোচনীৰ জুলাই/আগষ্ট/ ছেপ্তেম্বৰ ২০২১ সংখ্যাটিৰ আলোচনী সম্পাদক জয়ন্ত বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মী আৰু কবি সাহিত্যিক কমল চন্দ্ৰ ভুঞাই শুভ উন্মোচন কৰে ৷

অনুষ্ঠানত বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ চমুৱা , বিশিষ্ট সাহিত্যিক বিমান ৰায় বৰুৱা , নাট্যকাৰ ৰাম শইকীয়া , কবি আৰু অভিনয় শিল্পী সোমেশ্বৰ ওৰাং , ৰ’দ আলোচনীৰ উপদেষ্টা গোপাল শৰ্মা , সহকাৰী সম্পাদক ৰুবী শইকীয়া দাস , সদস্য পূৱালী শইকীয়া , অৰূপ শইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ