ডিজিটেল ডেস্কঃ এইবাৰ সাম্প্ৰদায়ীক হিংসাই জোকাৰিছে শ্ৰীলংকাক৷ দুই সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা ভুল বুজাবুজিৰ বাবে অশান্ত হৈ পৰিছে শ্ৰীলংকাৰ এটা বৃহৎ অঞ্চল৷ দেওবাৰ আৰু সোমাবাৰে শ্ৰীলংকাৰ সংখ্যালঘু মুছলমানক বৃহৎ সংখ্যাক লোক ওলাই আহি আক্ৰমণ কৰাৰ লগতে দোকান জ্বলাই দিয়াৰ ঘটনাৰ ফলত অশান্ত হৈ পৰিছে শ্ৰীলংকা৷

শান্তি উভতাই অনাৰ বাবে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ দেশত ৰাজ্যিক ভাৱে জৰুৰী অৱস্থা ঘোষণা কৰিব লগা হয়৷ বৌদ্ধ আৰু মুছলমান সম্প্ৰদায়ৰ মাজত ধৰ্ম পৰিৱৰ্তনক লৈ সংঘৰ্ষৰ সুত্ৰপাত হয়৷ যাৰ ফলত কেণ্ডী নামৰ জিলা খনৰ বাবে জুৰুৰী অৱস্থা ঘোষণা কৰা হয়৷ newyorktimesৰ খবৰ মতে,  শ্ৰীলংকাৰ কেন্দ্ৰীয় মন্ত্ৰী এছ বি দিছানায়কে শ্ৰীলংকাৰ কেণ্ডী জিলাত সংঘৰ্ষৰ এদিন পিছত জৰুৰী অৱস্থা ঘোষণা কৰা হয় বুলি কয়৷

২০১৭ বৰ্ষৰ পৰাই দুয়োটা সম্প্ৰদায়ৰ মাজত উত্তেজনা অব্যাহত আছিল৷ অভিযোগ মতে, মুছলমান লোকে বৌদ্ধ লোকক ইছলাম ধৰ্ম আকোৱালি লবৰ বাবে জোৰ জুলুম কৰাৰ লগতে ধৰ্মীয় স্থানৰ ক্ষয় ক্ষতি কৰিছিল৷ তাৰ পিছতেই উত্তেজনা অব্যাহত আছে এবছৰ কাল৷ দেওবাৰ আৰু সোমবাৰে উত্তেজনা বৃদ্ধি হয়৷ হাজাৰ লোক ওলাই মুছলমান সম্প্ৰদায়ৰ লোকক আক্ৰমণ কৰাৰ লগতে দোকানত আক্ৰমণ কৰে৷

ফলত শ্ৰীলংকাৰ মন্ত্ৰী পৰিষদে দেশৰ আন আন ঠাইলৈ যাতে এই হিংসা বিয়পি পৰিব নোৱাৰে তাৰ বাবে ১০ দিনলৈ জুৰুৰী কালীন অৱস্থা ঘোষণা কৰে৷ ১০ দিনলৈ থাকিব জৰুৰীকালীন অৱস্থা৷ যিসকলে ফেচবুকৰ জৰিয়তে হিংসাত উদগণি দি আহিছে তেওলোকৰ বিৰুদ্ধেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব৷

সোমবাৰে একাংশ লোকে মুছলিম ধৰ্মৰ লোকৰ দোকানত অগ্নি সংযোগ কৰাৰ পিছতেই ১৪৪ ধাৰা জাৰি কৰাৰ লগতে সেনা আৰু অতিৰিক্ত আৰক্ষী মোতায়ান কৰে৷ মন্ত্ৰী এছ বি দিচানায়কে উত্তেজনামূলক পৰিস্থিতিৰ শাম কাটিবলৈ আইনৰ প্ৰভাৱ খটুৱা হোৱা নাই৷ যাৰ বাবে সেনা-আৰক্ষী মোতায়ান কৰি উত্তেজনাপূৰ্ণ স্থানত৷ অহা ১০ দিনৰ পিছত ৰাষ্ট্ৰপতিয়ে পুনৰ সিদ্ধান্ত ল’ব জৰুৰীকালীন স্থিতি বৃদ্ধি কৰাৰ ক্ষেত্ৰত৷