27
Feb
2019
চাৰিদুৱাৰত নিচি জনগোষ্ঠীৰ ৪৬ তম "ন্যাকুম" উৎসৱ

তেজপুৰঃ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভুমি শোণিতপুৰৰ চাৰিদুৱাৰত অনুষ্ঠিত হয় নিচি জনগোষ্ঠীটোৰ পৰম্পৰাগত ন্যাকুম উৎসৱ।
অতিজৰে পৰা চাৰিদুৱাৰ অঞ্চলত বসবাস কৰি অহা "নিচি" জনগোষ্ঠীটোৰ পৰম্পৰাগত ন্যাকুম উৎসৱ প্ৰত্যেক বছৰৰ দৰে এইবেলিও চাৰিদিনীয়া কাৰ্য্যসূচীৰে উলহ মালহৰে উদযাপন কৰা হয়। ন্যাকুম পূজাত নিচি সকলে দেৱতা "ডনিপল" অৰ্থাৎ সূৰ্য্য দেৱতাক আৰাধনা কৰে৷
লোক বিশ্বাস যে সূৰ্য্যদেৱতাক পূজা কৰিলে কৃষিকাৰ্য্য ভালহোৱাৰ লগতে বছৰটোত আপায় অমংগল নাশ হয়৷ উল্লেখ্য যে মাৰ্চৰ পৰাই নিচিসকলৰ নতুন বছৰ আৰম্ভ হোৱাত সকলো লোকৰে মংগল কামনা কৰি প্ৰত্যেক ফেব্ৰৱাৰীত পাৰম্পৰিক ৰীতি নীতিৰে "মেঠুন" বলি দি এই ন্যাকুম উৎসৱ পালন কৰা হয়৷
অনুষ্ঠানত নিচি লোকনৃত্য কলা সংস্কৃতিৰ লগতে বিভিন্ন জাতি - জনগোষ্ঠীয় নৃত্যৰ প্ৰদৰ্শন কৰা হয়।