newsnextone.com | ডিজিটেল ডেস্কঃ চলিত অষ্টাদশ এছিয়ান গেমছত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিছে মল্লযোদ্ধা বজৰং পুনিয়াই । পুৰুষৰ ৬৫ কি.গ্ৰা. ফ্ৰী ষ্টাইলত মল্লযোদ্ধাগৰাকীয়ে জাপানৰ ডাইচি টাকাটানিক পৰাস্ত কৰি এই পদ লাভ কৰিছে । এছিয়ান গেমছৰ ইতিহাসত পুনিয়াৰ এইয়া দ্বিতীয়টো সফলতা । খেলুৱৈগৰাকীয়ে ২০১৪ বৰ্ষৰ এছিয়ান গেমছত ৰূপৰ পদক জয়যাত্ৰাৰ আৰম্ভণি কৰিছিল ।