newsnextone.com | গুৱাহাটীঃ আকৌ এবাৰ ৰাজধানী মহানগৰীৰ ৰাজপথলৈ ওলাই আহিল সদৌ অসম ছাত্ৰ সন্থা৷ বুধবাৰে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাই৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে গণ সমদল উলিয়াই ৰাজপথ উত্তাল কৰি তোলে৷ 

সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে আছুৰ কাৰ্যালয় শ্বহীদ ন্যাসৰ পৰা ৰাজ ভৱনলৈ উলিওৱা প্ৰতিবাদী সমদলত কেইবাশতাধিক লোকে অংশ লয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত উলিওৱা সমদলত ৰাজ্যৰ বহু সচেতন নাগৰিক, বুদ্ধিজীৱী, ছাত্ৰ নেতা, ব্যৱসায়ী আদিয়ে অংশ লয়৷ 

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতিবাদত অংশ লৈ অসমৰ স্বাৰ্থত, অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত এই আইন বাতিল হ’ব লাগে বুলি কয়৷ কোনো কাৰণতে অসমৰ জনসাধাৰণে এই জাতি ধ্বংসী বিধেয়ক মানি নলয়৷ বৰ্তমান অসমৰ সাধাৰণ জনতাৰ লগতে সকলো দল-সংগঠনৰ ক্ষোভ এই যে মেঘালয় আৰু বিহাৰ চৰকাৰে এই বিধেয়কৰ বিৰোধিতা কৰিব পাৰে তেতিয়া হলে অসম চৰকাৰে ইয়াৰ বিৰোধিতা কিয় কৰিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে ভট্টাচাৰ্যই৷ ৰহস্যৰ আৱৰ্তত কি থাকিব পাৰে বুলিও কৈ ভট্টাচাৰ্যই আৰু কয় যে এটা কথা পোনপটীয়াকৈ স্পষ্ট হোৱা পৰিলক্ষিত হৈছে যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰ, অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোডীৰ আঙুলীৰ ঠাৰত ধৰি নাচি কাম কৰিছে৷ 

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আৰু কয় যে অসমত বৰ্তমান ইমান প্ৰতিবাদ হৈ থকাৰ পিছতো চৰকাৰে কিন্তু তেওঁলাকৰ স্থিতিতে অটল আছে৷ চৰকাৰৰ বৰ্তমানলৈকে এটাই মন্তব্য ৩০ জুনলৈকে অপেক্ষা কৰিব লাগিব অসমৰ জনসাধাৰণে৷ ইয়াৰ অন্তৰালত কি থাকিব পাৰে? যিহেতু ৩০ জুনত প্ৰকাশ পাব এনআৰচি সম্পূৰ্ণ খছৰা৷ তাৰ লগত কিন্তু কোনোধৰণৰ সম্পৰ্ক নাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ৷ 

এনেধৰণৰ কিছুমান মন্তব্য যোগে চৰকাৰে আভুৱা ভাৰিবলৈ চেষ্টা কৰিছে অসমৰ জনতাক৷ বৰ্তমানৰ যি আৰএছএছ বিজেপিৰ শাসনাধীষ্ট চৰকাৰ আছে সেইখন চৰকাৰে এতিয়ালৈকে ২টা বছৰ সম্পূৰ্ণ কৰিলে কিন্তু এই দুটা বছৰত অসমক কিমান দূৰ উন্নতিৰ পথত আগুৱাই নিলে সেয়া সকলোৰে অনুমেয়৷ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত দিয়া প্ৰতিশ্ৰুতি কিমান সফল কৰিব পাৰিছে সেয়া বৰ বেছিকৈ কোৱাৰ প্ৰয়োজন নাই বুলি কয় ভট্টাচাৰ্যই৷ 

তেওঁলোকৰ এই প্ৰতিশ্ৰুতি আৰু কিমানদিন প্ৰতিশ্ৰুতি হৈ থাকিব? কিমান দিন অসনৰ জনতাক মিছা প্ৰতিশ্ৰুতিৰে বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিব? সৰ্বানন্দ সোণোৱাল  যিহেতু এজন জাতিয় নায়ক তেওঁ বাৰে বাৰে জনতাৰ স্বাৰ্থত কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল কিন্তু এতিয়া তাৰ সম্পূৰ্ণ ওলোটা স্বৰূপ প্ৰতিফলিত হোৱা দেখা গৈছে৷ 

সদৌ অসম ছাত্ৰ সন্থা আৰু কৰ্মচাৰী পৰিষদে অসম আন্দোলনৰ সময়ৰ পৰাই একেলগে কাম কৰা বুলি কৈ যেতিয়ালৈকে জাতি ধ্বংসী বিধেয়ক বাতিল নহ’ব তেতিয়ালৈকে দুয়ো সংগঠনে আন্দোলন চলাই থাকিব আৰু কোনো কাৰণতে এই বিধেয়ক গ্ৰহণ কৰিবলৈ দিয়া নহ’ব বুলি মত প্ৰকাশ কৰে৷ বিধেয়কৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ২৮ দল সংগঠনে সদায় প্ৰতিবাদ কৰি যাব বুলিও উল্লেখ কৰে আছুই৷ আছুৱে ৰাজভৱনত গৈ দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰে৷

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ জাতীয়-জনগোষ্ঠীয় দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ প্ৰতিবাদী কাৰ্যসূচী সমূহত অসমৰ নাগৰিকে হি’ল-দ’ল ভাঙি আহি অংশ লৈছে৷ সকলোৰে এটাই মত চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগে৷ সুৰক্ষিত কৰিব লাগে অসমীয়াক৷ অসমীয়াৰ অস্তিত্ব বিপন্ন হ’ব পৰা কাম চৰকাৰে কৰিলে অসমীয়া জাতি বহি নথকাৰ হুংকাৰ প্ৰদান কৰি আহিছে৷ 

তাৰ পিছতো যেন চৰকাৰ নাচোৰ বান্দা৷ ৰাইজৰ জনমতক উপেক্ষা কৰি বিজেপি দলৰ মন্ত্ৰী-বিধায়কসকলে বিধেয়কক সমৰ্থন কৰি আহিছে৷ বুধবাৰেও বহু নাগৰিক আছু আৰু কৰ্মচাৰী পৰিষদৰ নেতৃত্বত ওলাই আহে৷ সকলোৱে দাবী জনাইছে যে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা কোনো লোকে যাতে অসমত থাকিব নোৱাৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ কাৰ্যসূচীত আছুৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতা আদি উপস্থিত থাকে৷