গুৱাহাটীঃ সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷

দীঘলীপুখুৰী পাৰত সংগঠনটোৰ কেইবাশতাধিক নেতা-কৰ্মীয়ে বিজ্ঞানসন্মত পদ্ধতিৰে উক্ত সমস্যাৰ স্থায়ী সমাধান দাবী কৰে৷

ছাত্ৰ সংগঠনটোৱে জিএমচি আৰু জিএমডিয়ে বানপানী সমস্যা সমাধানৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বুলি গুৰুতৰ অভযোগ উত্থাপন কৰি স্মাৰ্ট চিটিৰ নগ্ন স্বৰূপ ওলাই পৰা বুলি চৰকাৰক সমালোচনা কৰে৷

গুৱাহাটী মহানগৰী এতিয়া সম্পূৰ্ণ মূৰব্বীবিহীন আৰু প্ৰতিটো বিভাগ সম্পূৰ্ণ ব্যৰ্থ বুলি কৈ সংগঠনটোৱে জাবৰ-জোঁথৰৰ গুৱাহাটী বুলি কয়৷

ৰাজ্য চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে সমগ্ৰ গুৱাহাটীবাসীয়ে হাহাকাৰ কৰিব লগা হৈছে বুলি উল্লেখ কৰি সংগঠনটোৱে শীঘ্ৰে বান সমস্যাৰ সমাধান নকৰিলে ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে৷