ওদালগুৰিঃ দেশৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটিমান দিন বাকী। ইতিমধ্যে ঢোল-পেপাৰ গুমগুমণি শুনিবলৈ পোৱা গৈছে ৰাজ্যৰ চৌপাশে। গাওঁৰ পৰা আৰম্ভ কৰি চহৰৰ যুৱক-যুৱতীসকল এতিয়া ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত।
ব্যতিক্ৰম নহয় ওদালগুৰিও। ওদালগুৰিৰ বিভিন্ন প্ৰান্ততো এতিয়া দেখা গৈছে ৰঙালী বিহুৰ ব্যাপক উচাহ। আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে কিছু পৰিমাণে এই উচাহ হ্ৰাস পোৱাও পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে অসমীয়াৰ পৰম্পৰা তথা বাপতিসাহোন ৰঙালী বিহুটিক নতুন প্ৰজন্মৰ আগত চিনাকি কৰি দিয়াৰ উদ্দেশ্যে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে এক আদৰণীয় পদক্ষেপ।
ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰৌতা আঞ্চলিক বিহুৱা দলৰ সহযোগত প্ৰথমবাৰৰ বাবে ঢোল বাদন আৰু বিহুনাচৰ কৰ্মশালা আজিৰেপৰা সাতদিনীয়াকৈ আৰম্ভ কৰা হয়। ৰৌতা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আবেলি প্ৰায় ৪ বজাত কৰ্মশালাখনি শুভাৰম্ভ কৰে ওদালগুৰি জিলা বিহু সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক অপূৰ্ৱ ডেকাই।
ৰৌতা অঞ্চলৰ প্ৰায় শতাধিক কণ কণ ল'ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে গুণমনি গগৈ, ধৰিত্ৰী ডেকা, শুক্লেশ্বৰ বড়োৰ লগতে অনাগত দিনত অংশগ্ৰহণ কৰিব সদৌ অসম ভিত্তিত বৰ বিহুৱতী খিতাপ লাভ কৰা তেজপুৰৰ অঞ্জু হাজৰিকাই।
আজিৰ শুভাৰম্ভ কাৰ্যসূচীত উপস্থিত থাকে ওদালগুৰি মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিদ্যুৎ প্ৰাণ শৰ্মা, ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে দ্বিপজ্যোতি নাথ আৰু যুগল বৈশ্য, অসমী বিহু দলৰ দলপতি গোলোক ডেকা, ওদালগুৰি জিলা কোচ-ৰাজবংশী সন্মিলনীৰ সভাপতি খগেন ডেকা, ছাত্ৰনেতা ভাস্কৰ চহৰীয়াৰ লগতে ৰৌতা অঞ্চলৰ বহু লোক। উপস্থিত সকলোৱে ছাত্ৰ সন্থাৰ এই পদক্ষেপক প্ৰশংসা কৰে।