ৱাঘা সীমান্তত জনতাৰ উৎকন্ঠা-স্বদেশলৈ অভিনন্দন অভিনন্দন বৰ্ধমানক

দিল্লীঃ ৱাঘা সীমান্তয়েদি স্বদেশত প্ৰৱেশ কৰিব পাকিস্তানত বন্দী হৈ থকা ভাৰতীয় বায়ু সেনা বিষয়া অভিনন্দন বৰ্ধমানে। পাকিস্তান সেনাই ৱাঘা সীমান্তয়েদি ভাৰতীয় কৰ্তৃপক্ষক গতাই দিব উইং কামাণ্ডাৰ অভিনন্দনক।

মিগ-২১ বিমানেৰে পাকিস্তানৰ বায়ু সেনাক বাধা দিবলৈ গৈ দুৰ্ভাগ্যক্ৰমে পাক সেনাৰ হাতত বন্দী হৈছিল ২৭ ফেব্ৰুৱাৰীত বায়ু সেনা বিষয়া অভিনন্দন বৰ্ধমান।

খবৰ অনুসৰি আজি আবেলিলৈহে বৰ্ধমানক স্বদেশলৈ প্ৰত্যাৰ্পন কৰাৰ সম্ভাৱনা আছে।  আবেলি ৩-৪ বজাৰ ভিতৰত পাক সেনাই  বৰ্ধমানক ভাৰতীয় সেনাৰ হাতত গতাই দিয়াৰ সম্ভাৱনা আছে।ইতিমধ্যে বায়ু সেনা বিষয়াগৰাকীক আদৰিবলৈ প্ৰস্তুতি চলিছে ৱাঘা সীমান্তত।

শত্ৰুৰ হাতত কৰায়ত্ব হৈও সাহসেৰে পৰিস্থিতিৰ মোকামিলা কৰা অভিনন্দনক আদৰণি জনাবলৈ হাতে হাতে পতাকা লৈ ৰৈ আছে বহু স্থানীয় লোক।