বিধ্বস্ত আফগানিস্থানত যুদ্ধৰ দামামা

ডিজিটেল ডেস্ক, ২২ আগষ্ট: যুদ্ধৰ বিভিষীকাই আফগানিস্থানৰ পৰিস্থিতি ভয়াৱহ কৰি তুলিছে৷তালিবানে আফগানিস্থান দখল কৰাৰ পিছতেই বিদ্ৰোহী এচাম আফগান নাগৰিকে যুদ্ধ ঘোষণা কৰিছে তালিবানৰ বিৰুদ্ধে৷ তালিবানৰ শাসন নমনা বিদ্রোহী বাহিনীয়ে নিষিদ্ধ সন্ত্রাসবাদী সংগঠনটোক প্রতিৰোধ অভিযান আৰম্ভ কৰিছে৷ আফগানিস্তানৰ প্রাক্তন কার্যবাহী প্রতিৰক্ষা মন্ত্রী বিছমিল্লা মোহাম্মুদিয়ে প্রকাশ কৰা মতে প্রতিৰোধী বাহিনীয়ে তালিবানৰ পৰা তিনিখন জিলা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ তালিবানৰ দখলৰ পৰা উদ্ধাৰ কৰা জিলা তিনিখন পুল–ই–হিছাৰ, ডেহ ছালাহ আৰু বানু৷ এই তিনি জিলা বর্তমান তালিবানবিৰোধী প্রতিৰোধী বাহিনীৰ হাতত আছে৷ প্রাক্তন মন্ত্রীগৰাকীয়ে তালিবানৰ বিৰুদ্ধে প্রতিৰোধ অব্যাহত থাকিব বুলি টুইটাৰযোগে ঘোষণা কৰিছে৷ দেশখনৰ স্থানীয় সংবাদ মাধ্যমত প্রকাশ পোৱা মতে নর্দার্ন বাগলান প্রদেশত তালিবান সন্ত্রাসবাদী আৰু প্রতিৰোধী বাহিনীৰ মাজত চলা সংঘর্ষত পুল–ই–হিছাৰ জিলাখন তালিবানৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ এই সংঘর্ষত ৪০ তালিবান সদস্য নিহত হোৱাৰ লগতে অতি কমেও ১৫জন আহত হৈছে৷