ন'য়ডাঃ ন’য়ডাত আক্ৰমণৰ বলি হৈছে মহিলা। মহিলাগৰাকীৰ ভাষ্য অনুসৰি তেওঁ যাত্ৰা কৰা টেক্সীখনৰ চালকজনে শাৰীৰিকভাৱে আক্ৰমণ কৰে মহিলাগৰাকীক৷ কেনিয়াৰ মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ চলিত সপ্তাহত এইটো তৃতীয় ঘটনা৷

কিছুদিন পূৰ্বে এগৰাকী স্থানীয় কিশোৰৰ অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ ফলত মৃত্যু ঘটিছিল৷ সেই ঘটনাৰ বাবে স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছিল আফ্ৰিকান ছাত্ৰসকলৰ বিৰুদ্ধে৷ আফ্ৰিকাৰ ছাত্ৰই ড্ৰাগছৰ যোগান ধৰে বুলি অভিযোগ তুলিছিল লোকসকলে৷

উক্ত ঘটনাৰ পিছতে  সোমবাৰে এক শ্বপিং মলত আফ্ৰিকান ছাত্ৰক আক্ৰমণ কৰিছিল কিছু লোকে৷ মৃত্যু হোৱা কিশোৰজনৰ লগত এই ছাত্ৰকেইজনক দেখা বুলি প্ৰকাশ কৰিছিল বহুতে। তদুপৰি কিশোৰজনক অপহৰণ কৰি বলপুৰ্বক ড্ৰাগছ দিয়া বুলি বহুতে অভিযোগ উত্থাপন কৰে৷

আৰক্ষীয়ে উক্ত ঘটনাসমুহৰ ওপৰত তদন্ত আৰম্ভ কৰিছে৷ তদুপৰি স্থানীয় প্ৰশাসনে আফ্ৰিকান ছাত্ৰই বাস কৰা অঞ্চলসমুহত বিশেষ নিৰাপত্তা প্ৰদান কৰিছে৷