![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/2019_2%24img14_feb_2019_pti2_14_2019_000167b_660_021519085116.jpg?itok=Y2KMuRHl)
নতুন দিল্লীঃ বৃহস্পতিবাৰে জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ নাৰকীয় আক্ৰমণৰ পাছত সমগ্ৰ দেশতে প্ৰতিশোধৰ দাবী উঠিছে। এই সন্দৰ্ভত শুকুৰবাৰে পুৱা নিৰাপত্তা বিষয়ক কেবিনেট কমিটীৰ জৰুৰী বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পাছতে বিয়লি দেশৰ এই সংকট কালত সকলো বিৰোধীৰ সৈতে আলোচনা কৰিবলৈ শনিবাৰে দিনৰ ১১ বজাত এক সৰ্বদলীয় বৈঠক আহ্বান কৰিছে চৰকাৰে।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় এই আক্ৰমণত জড়িত থকা আৰু সন্ত্ৰাসবাদীক সহায় কৰা কোনো লোককে ৰেহাই দিয়া নহ’ব বুলি ঘোষণা কৰিছে। আনহাতে, বাণিজ্যৰ ক্ষেত্ৰত পাকিস্তানক ইমান দিনে দি থকা ভাৰতৰ most favourite nationৰ মৰ্যাদা কৰ্তন কৰা হৈছে৷
ইফালে এক সংবাদ মেলত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু প্ৰক্তন প্ৰাধানমন্ত্ৰী মনমোহন সিঙে সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে পূৰ্ণ সহযোগিতা আগ বঢ়াব বুলি ঘোষণা কৰে৷
কেন্দ্ৰীয় চৰকাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানক এঘৰীয়া কৰিবৰ বাবে ইতিমধ্যে কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰিছে৷ ভাৰতত থকা পাকিস্তানী ৰাষ্ট্ৰদূতৰ ইতিমধ্যে নতুন দিল্লীয়ে তলব কৰিছে৷ আনহাতে পাকিস্তানত থকা ভাৰতীয় ৰাষ্ট্ৰদূতক সেই দেশ তৎকালে ত্যগ কৰিবলৈ নিৰ্দেশ দিছে৷