
বাহাকাবাৰীঃ এজন ব্যতিক্ৰমী লোক। যিজনে বেয়া পায় মানুহৰ সংগ। নগাঁও জিলাৰ কামপুৰৰ পৰা কিছু দূৰৈত ঘন অৰণ্যৰ মাজত সুদীৰ্ঘ ১৮ বছৰে মানুহজনে কটাই আহিছে স্ব-নিৰ্বাসিত জীৱন। কচুপিত নামৰ জংঘলত দীৰ্ঘ ১৮ বছৰে বাস কৰা ঠগীৰাম ডেকাৰজাৰ সংগী প্ৰকৃতি জীৱ-জন্তু আৰু চৰাই-চিৰিকটি।
ঠগীৰামৰ মানুহৰ ওপৰত আছে ভীষণ খং আৰু অভিমান। বেয়া পায় মানুহ। মানুহে মাতিলে খং কৰে। অৰণ্যৰ মাজত থকা সৰু টিলা এটাৰ ওপৰত চাৰি ফুট মান উচ্চতাৰ এটি জুপুৰি সাজি বছৰ বছৰ ধৰি স্ব-নিৰ্বাসিত জীৱন যাপন কৰা ঠগীৰামে মানুহৰ মাজত বৃদ্ধি পোৱা হিংসা, দুৰ্নীতি আৰু অবিশ্বাসত অতিষ্ঠ হৈ মানুহৰ সংগ, সমাজ ত্যাগ কৰি ১৮ বছৰে অৰণ্যত অকলশৰীয়া জীৱন অতিবাহিত কৰিছে।
তেওঁৰ বাবে অকলশৰীয়া জীৱন আৰু অৰণ্যখনেই আপোন ঘৰ। তেওঁ বিচাৰে অন্য এখন পৃথিৱী, য'ত মানুহ নাথাকে। জংঘলত মাছ ধৰি, খেৰ কাটি, ফল-মূল সংগ্ৰহেৰে নিজৰ জীৱিকা নিৰ্বাহ কৰে। খেৰ কিনিবলৈ যোৱা মানুহৰ পৰাই চাউল আৰু প্ৰয়োজনীয় বস্তু সংগ্ৰহ কৰি লয়। এনেদৰেই দীৰ্ঘ ১৮ বছৰে এখন অৰণ্যত দুৰ্বিসহ জীৱন নিৰ্বাহ কৰি আহিছে ঠগীৰাম ডেকাৰজাই।
মানুহৰ কোলাহল বেয়া পোৱা এই লোকজনে আজিলৈকে গ্ৰহণ কৰা নাই চৰকাৰী সাহায্য। নিজৰ স্থিতিত অটল লোকজনক কোনোৱে সহায় কৰিবলৈ আহিলেও সেয়া স্পষ্ট ভাষাত অস্বীকাৰ কৰে। কিয়নো মানুহ বেয়া পোৱাৰ দৰেকৈ ব্যতিক্ৰমী এই লোকজনে বেয়া পায় মানুহৰ দান। newsnextone.comৰে হোৱা আলাপত ব্যতিক্ৰমী ঠগীৰামে জনায় যে জংঘলী জীৱনত তেওঁ অত্যন্ত সুখী।
'জংলী জীৱন মোৰ ভীষণ প্ৰিয়। জংঘলেই মোৰ ঘৰ। ইয়াত নাই কোনো জটিলতা। নাই ঠগ-প্ৰবঞ্চনা। জংঘলী জীৱনক লৈ মই অত্যন্ত সুখী।'- newsnextone.comক এইদৰে জনায় ব্যতিক্ৰমী লোকজনে।
তেওঁ আৰু কয় যে সুদীৰ্ঘ ১৮ বছৰত তেওঁ অৰণ্যত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই। তেওঁৰ মতে মানুহে বিশ্বাসঘাতকতা কৰিব পাৰে কিন্তু অৰণ্যৰ বন্যপ্ৰাণীয়ে কেতিয়াও বিশ্বাসঘাতকতা নকৰে। তেওঁৰ শেষ ইচ্ছা জীৱনৰ অন্তিম মুহূৰ্তটো যেন প্ৰকৃতিৰ চিৰ বিনন্দীয়া পৰিৱেশৰ কোলাত বিলীন হৈ যায়। তাৰ বাবে প্ৰতিদিনে সৃষ্টিকৰ্তাক প্ৰাৰ্থনা জনায় আহিছে বুলিও জানিবলৈ দিয়ে বিচিত্ৰ এই মানুহজনে।