ডিজিটেল ডেস্কঃ নীলা ৰঙৰ ৱেগনাৰ, কাহ আৰু মাফলাৰৰ বাবে জনাজাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ বিশেষকৈ দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰা ৱেগনাৰ গাড়ী খনৰ কথা নাজানে কোনে৷ সাধাৰণ জীৱন-যাপন কৰা মুখ্যমন্ত্ৰী কেজৰিৱালে মুখ্যমন্ত্ৰী হৈয়ো সেই গাড়ী খনকে ব্যৱহাৰ কৰি আহিছিল৷
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ব্যৱহাৰ কৰা নীলা ৰঙৰ মাৰুতি ৱেগনাৰ গাড়ীখন দিল্লী চৰকাৰৰ সচিবালয়ৰ সন্মুখৰ পৰা চুৰি হয় ২৪ ঘন্টা পূৰ্বে৷ প্ৰৱাসী ভাৰতীয় কুন্দন শৰ্মাই উপহাৰ দিয়া এই গাড়ীখন মুখ্যমন্ত্ৰীজনে আম আদমী পাৰ্টীৰ সভাপতি হৈ থকাৰ সময়ৰ পৰাই ব্যৱহাৰ কৰি আহিছিল।
সচিবালয়ৰ সন্মুখৰ পৰা গাড়ী খন নোহোৱা হোৱাৰ বাতৰিয়ে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে, দিল্লী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ লোৱাৰ পিচতে ২০১৪ চনত দিল্লী আৰক্ষীৰ কামকাজৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথত আন্দোলনৰ কাৰ্যসূচী লোৱাৰ সময়ত এই নীলা ৰঙৰ ৱেগনৰ গাড়ীখনে যথেষ্ঠ সংখ্যক মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল। কাৰণ সেই সময়খিনিত মুখ্যমন্ত্ৰীজনে এই গাড়ীখনকে কেম্প হিচাপে ব্যৱহাৰ কৰিছিল।
গাড়ীখন সেই সময়খিনিত মুখ্যমন্ত্ৰীজনে শুবলৈও ব্যৱহাৰ কৰিছিল। নীলা গাড়ীখন আম আদমী পাৰ্টি আৰু অৰবিন্দ কেজৰিৱালে ৰাজনীতিক সকলৰ ভিআইপি কালচাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাৰ পিচতো ব্যৱহাৰ কৰিছিল সাধাৰণ গাড়ীখন।