Image from Facebook
Image from Facebook

ফিল'বাৰীঃ ফিল'বাৰী অঞ্চলৰ যুৱ উদ্যোগী, সাংবাদিক, চিত্ৰ শিল্পী, কবি কিৰণজ্যোতি হাজৰিকা (৩২)ৰ মৃতদেহ আজি নামনিমুৱা ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছত উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে সমগ্ৰ ফিল'বাৰী অঞ্চলৰতে শোকৰ ছাঁ পৰিছে।

বৰ্তমান নগাঁও জিলাৰ চাপৰমুখ  থানাত থকা কিৰণজ্যোতিৰ মৃতদেহটো ছমজি লবলৈ তেওঁৰ পৰিয়ালবৰ্গৰ লগতে ফিল'বাৰী অঞ্চলটোৰ বহুটো দল-সংগঠনৰ নেতৃবৃন্দ চাপৰমুখলৈ ৰাওনা হৈছে।

আজি ৰেল আৰক্ষীয়ে কিৰণজ্যোতিৰ মৃতদেহটো ৰেলত শুই থকা অৱস্থাত উদ্ধাৰ কৰে। কি পৰিস্থিতিত যুৱকজনৰ মৃত্যু হ'ল সেয়া এতিয়াও পোহৰলৈ অহা নাই।

জানিব পৰা ম'তে শ্বিলঙত অনুষ্ঠিত হ'বলগীয়া এক চিত্ৰ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে কিৰণজ্যোতিয়ে কালি ৰেলযোগে তালৈ ৰাওনা হৈছিল। ফিল'বাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে পোনপটীয়াকৈ জড়িত কিৰণজ্যোতিৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ফিল'বাৰী অঞ্চল।