newsnextone.com | ডিজিটেল ডেস্কঃ মাৰ্কিন-মেক্সিকো সীমান্তৰ পৰিয়াল সমূহক বিচ্ছেদ বন্ধ নকৰিবলৈ এইবাৰ নিজ কন্যাই উভতি ধৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিক৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কন্যা ইভাংকাই পৰিয়াল সমূহৰ বিচ্ছেদ বন্ধ কৰিবৰ বাবে পিতৃক আহ্বান জনালে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কন্যাই কয় ‘‘এনেদৰে দেৱাল নিৰ্মাণ কৰি পৰিয়াল সমূহক বিচ্ছেদ কৰা উচিত নহয়৷’’ ইমানে নহয় পিতৃক প্ৰশ্ন কৰি কয় এই সমস্যা সমাধনৰ বাবে তুমি কি কৰিছা বুলি প্ৰশ্ন কৰে?

মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প কয় ‘‘প্ৰতিচ্ছবি দেখিছোঁ৷ খুব দুখজনক৷ আমি এটা সাংবিধানিক ভাৱে সমস্যাৰ সমাধান কৰিব বিচৰিছোঁ৷’’ আনহাতে সম্প্ৰতি প্ৰশাসনক শূন্য সহনশীল নীতি অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে৷ ইমানে নহয় মেক্সিকো আৰু আমেৰিকাৰ সীমান্তত অবৈধভাৱে প্ৰৱেশ কৰা শৰণাৰ্থীৰ সন্তানক গ্ৰেপ্তাৰ কৰিব আমেৰিকা প্ৰশাসনে৷

আমেৰিকা প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আমেৰিকাই কয় সিহতক আমি আমাৰ দেশত সোমাব দিয়া নাছিলো৷ তেওঁলোক কোনো কৰ পৰা আহিছে, কি উদ্দেশ্যেত আহি দেশত প্ৰৱেশ কৰিছে সেই কথাক আমি ধাৰণা কৰিব পৰা নাই৷ ইতিমধ্যে মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰায় ডেৰ হাজাৰ মেক্সিকোৰ পৰা অহা শিশু শৰণাৰ্থী নিৰুদ্দেশ হৈছে৷

এই খবৰ প্ৰকাশ হোৱাৰ পিছতে বিভিন্ন সংস্থাই চিন্তা জাহিৰ কৰি শিশু সমূহৰ শৈক্ষিক ভৱিষ্যত কি হ’ব বুলি প্ৰশ্ন উত্থাপন কৰে৷ অভিভাৱকহীন হৈ পৰা এই শিশু সকলৰ ক’ত, কেনেকৈ, কি অৱস্থাত আছে তাক লৈ বিভিন্ন মহলে চিন্তা ব্যক্ত কৰে৷ বিপথে পৰিচালিত হোৱাৰো থল আছে শিশুসকল৷

উল্লেখ্য যে, মাৰ্কিন-মেক্সিকো সীমান্তৰ আমেৰিকা অধিকৃত এলেকাত মেক্সিকোৰ পৰা অহা বহু শৰণাৰ্থীয়ে বসবাস কৰি আহিছে৷ আমেৰিকাই সীমান্তত দেৱাল নিৰ্মাণ কৰি এই সমস্যা সমাধান কৰিব বিচাৰে৷ যাৰ ফলত বহু পৰিয়াল আপোনজনৰ সৈতে চিৰদিনৰ বাবে বিচ্ছেদ হৈ পৰিব৷ ইপিনে আমেৰিকা আৰু উত্তৰ কোৰিয়াৰ সৈতে ভাল সম্পৰ্ক গঢ়াৰ বাবে চেষ্টা চলাই গৈছে ট্ৰাম্পে৷ যাৰ দ্বাৰা ট্ৰাম্পে শান্তিৰ নৱেল বঁটা লাভ কৰিব খোজে বুলি চৰ্চা হৈছে৷ শান্তিৰ নৱেল বঁটাৰ বাবে ট্ৰাম্পে আবেদন কৰিব বুলিও খবৰ ওলাইছে৷ আনহাতে মেক্সিকোৰ সমস্যাও দ্ৰুত হাৰত সমাধান কৰি দেশৰ নাগৰিকৰ পৰা বাঃ বাঃ লব খোজে ট্ৰাম্পে৷