গুৱাহাটীঃ অৱশেষত সম্প্ৰসাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ। বৃহস্পতিবাৰে দিল্লীত থাকিয়েই মন্ত্ৰীসভাত স্থান পাবলগীয়া ৪ বিধায়কৰ নাম ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ পূৰ্বে ঘোষিত তাৰিখ অনুসৰি ৭ ডিচেম্বৰত কোনকেইগৰাকী বিজেপি বিধায়কে মন্ত্ৰী হিচাপে শপত ল’ব সেয়া সামাজিক মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
প্ৰায় এবছৰ পূৰ্বৰে পৰা জল্পনা-কল্পনা চলি আছিল যদিও অৱশেষত আজি মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া চাৰি বিধায়কৰ নামত ছীল-মোহল লগায় সকলো উৎকণ্ঠাৰ অৱসান ঘটায়। এই অনুযায়ী সাপো নমৰক লাঠিও নাভাগক আৰু এক গুলীত দুই চিকাৰ নীতিৰে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত স্থান লাভ কৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা আৰু পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে।
দিল্লীৰ অনুমোদনৰ পিছতে চাৰিগৰাকী বিধায়কক মন্ত্ৰীসভাত স্থান দিয়াৰ কথা আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়৷ চৰ্চা চলা মতেই বৰাকৰ দুই বঙালী নেতাই লাভ কৰে মন্ত্ৰী পদ৷ উজনিৰ দুজন বিধায়কেও মন্ত্ৰীসভাত স্থান লাভ কৰিছে৷ মন্ত্ৰীসভা সম্প্ৰসাৰণত জাতি-জনগোষ্ঠীৰ সমীকৰণক অত্যাধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷
ইপিনে, আজি চাহ জনগোষ্ঠীৰ আগশাৰীৰ নেতা তথা কেবাটাও বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা সঞ্জয় কিষাণে পুৱাই মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি দিল্লীলৈ ৰাওনা হয়। সঞ্জয় কিষাণে হঠাৎ পদ ত্যাগ কৰি দিল্লীলৈ উৰা মৰা কাৰ্যলৈ চাই তেওঁক ভৱেশ কলিতাৰ স্থলাভিষিক্ত কৰা হ’ব পাৰে বুলি বুঃবুঃবাঃবাঃ আৰম্ভ হৈছে৷ চাহ-জনজাতি উন্নয়ন মন্ত্ৰী সঞ্জয় কিষাণৰ ঠাইত ডুমডুমাৰ বিজেপি বিধায়ক ৰূপেশ গোৱালাক মন্ত্ৰী কৰা হৈছে।
মন্ত্ৰী সঞ্জয় কিষাণে পদত্যাগ কৰা বুলি খোদ বিবৃতি দিয়া নাই যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কয় সেই মতেই চলিম বুলি কয় সঞ্জয় কিষাণে৷ সঞ্জয় কিষাণ হঠাৎ দিল্লী অভিমুখে উৰা মৰাত বিজেপিৰ ভিতৰচ’ৰাত ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ সঞ্জয় কিষাণে ৰাজ্যিক সভাপতি পদ দিয়া হ’ব নে অন্য কিবা কাৰণত পদত্যাগ কৰিছে সেই সন্দৰ্ভত বিজেপিয়ে আনুষ্ঠানিক বিবৃতি দিয়া নাই৷ কিন্তু সঞ্জয় কিষাণে দিল্লা উৰা মৰাৰ পিছতে চাৰি বিধায়কক মন্ত্ৰীসভাত স্থান দিয়াৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷
পূৰ্বতে বৰাক উপত্যকাৰ পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ নাম চৰ্চাত থকাৰ দৰেই মন্ত্ৰীসভাত স্থান দিয়া হৈছে৷ পাথাৰকান্দি সমষ্টিৰ পৰা ২০১৬ আৰু ২০২১ চনত দুবাৰকৈ বিধায়ক হৈছে কৃষ্ণেন্দু পাল৷ আনহাতে কৌশিক ৰায়ে ২০২১ চনত প্ৰথমবাৰলৈ লক্ষীপুৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈয়ে মন্ত্ৰীত্ব লাভ কৰিছে৷ যুৱ, জ্যেষ্ঠতা, ভোটৰ সমীকৰণ, হিন্দুত্বত লক্ষ্য কৰি মন্ত্ৰীসভা সম্প্ৰসাৰণ তথা ৰদ-বদল কৰা হৈছে৷ সংসদীয় নিৰ্বাচনৰ পিছৰে পৰা বৰাক মন্ত্ৰীশূন্য হৈ থকাৰ ফলতে মন্ত্ৰীসভা সাল-সলনিৰ বিষয়টো বেছিকৈ চৰ্চালৈ আহিল যদিও মন্ত্ৰীসভাৰ সাল-সলনিৰ বিষয়াটো প্ৰায় ডেৰ এক বছৰৰ পৰা চৰ্চাত আছিল৷
মুখ্যমন্ত্ৰীয়ে মাথো এজনক বৰাকৰ পৰা মন্ত্ৰীত্ব দিয়াৰ ঘোষণা কৰিছিল৷ কিন্তু দিল্লীলৈ গৈ মুখ্যমন্ত্ৰীয়ে আলোচনা কৰাত মুখ্যমন্ত্ৰীয়ে সেই সিদ্ধান্ত সলনি কৰে৷ জানিব পৰা মতে, ৭ ডিচেম্বৰৰ দিনৰ ১২ বজাত ৰাজভৱনত চাৰি নতুন মন্ত্ৰীয়ে শপত ল’ব৷ উল্লেখ্য যে, ‘এক গুলীত দুই চিকাৰ’ নীতি অৱলম্বন কৰি মুখ্যমন্ত্ৰীয়ে পুৰণি বিজেপি আৰু সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ প্ৰশান্ত ফুকনক মন্ত্ৰিত্ব প্ৰদান কৰি ৰাজ্যত পুৰণি বিজেপিক বঞ্চিত কৰি অহা বুলি সময়ে সময়ে উত্থাপিত হৈ অহা অভিযোগকো নস্যাৎ।
একেদৰে একেটা গুলীৰে সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠসকলক যোগ্য স্থান নিদিয়াৰ যি অভিযোগ সেয়াও নস্যাৎ কৰিবলৈ চেষ্টা চলাইছে হিমন্ত বিশ্ব শৰ্মাই৷ ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য শিলচৰৰ সাংসদ নিৰ্বাচিত হোৱাত মন্ত্ৰীসভা বৰাক শূন্য হৈ পৰিছিল, যাৰ বাবে এগৰাকী বৰাকৰ বিধায়কক মন্ত্ৰী পদ দিয়াৰ চৰ্চা চলিছিল যদিও মূৰকত দুগৰাকী বিধায়কক মন্ত্ৰী কৰে৷
ইয়াৰ দ্বাৰা ২০২৬ চনৰ ভোটৰ সমীকৰণ মিলাই দুই বঙালী বিধায়ক, এজন চাহ জনগোষ্ঠীৰ বিধায়কক মন্ত্ৰী কৰিছে বিজেপিয়ে৷ বিজেপিৰ ভোটবেংক হিচাপে প্ৰতিপন্ন হৈ অহা অসমৰ বাংলাভাষী হিন্দুসকলক দুই মন্ত্ৰী উপহাৰ দিছে বিজেপিয়ে৷ ইফালে, আৰু এজন বিধায়কক মন্ত্ৰী পদ দিব পৰাকৈ ৰখাত সঞ্জয় কিষাণে দলীয় দায়িত্ব লাভ কৰিলে সেই স্থানত বৰ্তমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা অন্তৰ্ভুক্ত হ’ব পাৰে বুলিও চৰ্চা চলা দেখা গৈছে। অৱশ্যে সেয়া সময়তহে স্পষ্ট হৈ পৰিব।