
আজাৰাঃ সাংবাদিক পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰপৰা জিলা সমিতিবোৰক দিয়া নিৰ্দেশ অনুসৰি কামৰূপ গ্ৰাম্য জিলা সমিতিখন পূৰ্ণাংগ ৰূপত শনিবাৰ আনুষ্ঠানিকভাৱে গঠন কৰা হয়। এই উপলক্ষে মিৰ্জাস্থিত গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলাত কেন্দ্ৰীয় সমিতিৰ মনোনীত সভাপতি অনিল কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই মনোনীত সাধাৰণ সম্পাদক পবিত্ৰ কুমাৰ দাসে।
শনিবাৰে কামৰূপ গ্ৰাম্য জিলা ভিত্তিত অনুষ্ঠিত সাংবাদিকৰ অভিৱৰ্তনত ৰঙিয়া, শুৱালকুছি, বকো, ছয়গাও, পলাশবাৰী, ৰামপুৰ, আজাৰা আদি অঞ্চলৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ প্ৰায় কুৰিজন সাংবাদিকে অংশ গ্ৰহণ কৰে। সভাৰ আৰম্ভণীতে বিগত সময়ছোৱাত ৰাজ্যখনৰ বৈদ্ধিক, সামাজিক আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ গইনা লৈ প্ৰতিবাদ কৰিবলৈ যাওতে দেশ আৰু স্বজাতিৰ হকে যিসকল সাংবাদিকে মৃত্যুক আকোৱালী ললে তেওঁলোকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি আজিৰ সভাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।
উক্ত কাৰ্যসূচীৰ পিছতেই সাধাৰণ সম্পাদক পবিত্ৰ কুমাৰ দাসে সাংবাদিক পৰিষদৰ আদৰ্শ, নীতি আৰু লক্ষ্য সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ইয়াৰ পিছতেই সভাপতিৰ নিৰ্দেশ অনুসৰি সাংবাদিক পৰিষদ অসমৰ কামৰূপ গ্ৰাম্য জিলাৰ পূৰ্ণাংগ সমিতিখন গঠনৰ বাবে কাৰ্যসূচী আগবঢ়াই দিয়াত তলত দিয়া ধৰণে সমিতিখন গঠন কৰা হয়।
সেই অনুসৰি উপদেষ্টা হিচাপে আমাৰ অসম কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক মিলন কুমাৰ দাস, কামৰূপ গ্ৰাম্য জিলাৰ স্থায়ী সভাপতি অনিল কলিতা (দৈনিক অসম, পলাশবাৰী), কাৰ্যকৰী সভাপতি দৈনিক জনমভূমি কাকতৰ সংবাদিক দীপক কলিতা, উপ-সভাপতি তিনিগৰাকী ক্ৰমে বিষ্ণুৰাম দাস (এদিনৰ সংবাদ, বকো), বিপুল কলিতা (ৰঙিয়া, নেশচনেল নিউজ ডেক্স), বিমল শৰ্মা (নিয়মীয়াবাৰ্তা, ৰামপুৰ), সাধাৰণ সম্পাদক পবিত্ৰ কুমাৰ দাস (অসমীয়া খৱৰ, পলাশবাৰী), সহ: সাধাৰণ সম্পাদক তিনিজন ক্ৰমে-পুলিন দাস (প্ৰতিদিন টাইম, শুৱালকুছি), প্ৰদীপ দাস (আসাম টকচ্, আজাৰা), পংকজ নাথ (অসমীয়া প্ৰতিদিন, ছয়গাঁও), কাৰ্যালয় সম্পাদক ফটিক ঠাকুৰীয়া (জনসাধাৰণ, মিৰ্জা), আলোচনী সম্পাদক গিৰীন্দ্ৰ কলিতা (ডি ৱাই ৩৬৫, মিৰ্জা), সহ: আলোচনী সম্পাদক দিপাংকৰ শৰ্মা (দ্যা নৰ্থইষ্ট টাইমচ্, শুৱালকুছি), প্ৰচাৰ সম্পাদক জীতুমণী দাস (দৈনন্দিন বাৰ্তা, মিৰ্জা), চাহেব আলী (নেচনেল নিউজ ডেক্স, ৰঙিয়া), কোষধ্যক্ষ জগদিশ চৌধুৰী (আমাৰ অসম, মিৰ্জা), হিচাপ পৰীক্ষকদ্বয় অশ্বিনী কুমাৰ তালুকদাৰ (সময়ৰ বাতৰি, পলাশবাৰী), ৰূপম চোধুৰী (প্ৰাগ নিউজ, ছয়গাওঁ), সাংস্কৃতিক সম্পাদক গগণ চন্দ্ৰ নাথ (নিউজ টাইম আছাম, মিৰ্জা), আইন উপদেষ্টাদ্বয় ক্ৰমে অধিবক্তা তপন দাস আৰু অধিবক্তা ৰবীন কলিতা আৰু ৯ গৰাকী কাৰ্যকৰী সদস্যক লৈ এখন পূৰ্ণাংগ ৰূপত কামৰূপ গ্ৰাম্য জিলা সমিতি গঠন কৰা হয়।
উক্ত সভাত উপদেষ্টা মিলন কুমাৰ দাসে গ্ৰাম্য সাংবাদিকতা ক্ষেত্ৰখনৰ লগত সংবাদ প্ৰতিষ্ঠানসমূহক দায়ৱদ্ধ কৰি ৰাখিবলৈ পৰিষদে চিন্তা চৰ্চা কৰিবলৈ আঙুলিয়ায়। শেষত শলাগৰ শৰাই আগবঢ়াই সাধাৰণ সম্পাদক পবিত্ৰ কুমাৰ দাসে।