ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা পুডুচেৰীৰ ৰাজপথত দেখা গ’ল এগৰাকী বিশেষ মহিলাক। নিৰ্জনতা ভেদি স্কুটীত উঠি যোৱা এই মহিলাগৰাকীয়ে চহৰখনৰ নিশাৰ দৃশ্য দেখি হতবাক হৈ পৰে। কিয়নো নিশা কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ৰাজপথত ক’তোৱেই নাছিল পহৰাৰত আৰক্ষী।  

আৰক্ষীবিহীন নিশাৰ পুডুচেৰী দেখি মহিলাগৰাকীৰ খঙে চুলিৰ আগ পায়। এই ঘটনাৰ পিছতে শনিবাৰে আৰক্ষী সঞ্চালক প্ৰধানক সুৰক্ষাৰ নতুন ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে একালৰ আৰক্ষী বিষয়া তথা বৰ্তমানৰ পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ কিৰণ বেদীয়ে। 

'পুডুচেৰীক সাধাৰণতে নিশাৰ ভাগতো নিৰাপজদনক বুলি কোৱা হয়। কিন্তু সেইদিনা নিশা এজনো আৰক্ষী মোৰ চকুত নপৰিল। য’তে-ত’তে বাইকত ৩জন লোক উঠিছে। হেলমেট পৰিধান কৰা নাই। তীব্ৰ গতিত বাইক চলাইছে। ছাইলেন্সাৰ নোহোৱাকৈ বিকট শব্দ উলিয়াই বাইক চলিছে। নিশাৰ পুডুচেৰীৰ এই ৰূপ দেখি মই আশ্বস্ত হ’ব নোৱাৰিলো।’-এইদৰে কয় ৰাজ নিৱাসৰ আন এগৰাকী মহিলা কৰ্মচাৰীৰ সৈতে স্কুটী চলাই নিশাৰ দৃশ্য পৰিদৰ্শন কৰা বেদীয়ে। 

বেদীয়ে ইয়াৰ পিছতে ডিজিপিক নিশা ১১ বজাৰ পৰা পুৱা ৪ বজালৈ নৈশ পহৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। একেদৰে নিশাৰ ভাগত কোনো অসহায় লোকে ফোন কৰিলেই যাতে আৰক্ষী গৈ উপস্থিত হ’ব পাৰে সেয়া নিশ্চিত কৰিবলৈকো ডিজিপিক নিৰ্দেশ দিয়ে একালৰ সাহসী আৰক্ষী বিষয়া বেদীয়ে।