বেংগালুৰুঃ কৰ্ণাটকৰ চামৰাজনগৰ জিলাৰ অন্তৰ্গত চুলিবাদী নামৰ এখন গাঁৱৰ মন্দিৰৰ আধাৰশিলা স্থাপনত বিতৰণ কৰা প্ৰসাদ খোৱাৰ পাছতে বহুতো লোক শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। এই ঘটনাত ১২ জন লোক মৃত্যু মুখত পৰে আৰু ৯০ জনতকৈ অধিক লোক বিষক্ৰিয়াত আক্ৰান্ত বুলি জানিব পৰা গৈছে৷
আন ১২ জন লোকৰ শৰীৰৰ অৱস্থা সংকটজনক হোৱাৰ বাবে মহিশূৰৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়৷ ৰাজ্যৰ কেবিনেট মন্ত্ৰী পুতৰংগা শেট্টীয়ে ঘটনাৰ লগত জড়িত থকা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।
কৰ্ণাটকত অৱস্থিত মৰম্মা মন্দিৰৰ আধাৰশিলা স্থাপনত ভক্তসকলৰ মাজত প্ৰসাদ বিতৰণ কৰা হৈছিল৷ এই প্ৰসাদ খোৱাৰ পাছতেই উপস্থিত ৰাইজৰ শাৰীৰিক অৱস্থা অশোচনীয় হ’বলৈ ধৰে আৰু ১২ জন লোকে প্ৰাণ হেৰুৱায়৷ লগতে ৯০ জনতকৈ অধিক লোকৰ পেটৰ বিষ, বমি হোৱাৰ ফলত চিকিৎসাললৈ প্ৰেৰণ কৰা হয়৷
এই বিষয়ত দুখ প্ৰকাশ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী এছ ডি কুমাৰস্বামীয়ে পীড়িত লোকসকলৰ বাবে উপযুক্ত চিকিৎসা ব্যৱস্থাৰ লগতে ৫ লাখ টকা দান কৰে৷ স্থানীয় আৰক্ষীৰ সন্দেহ অনুযায়ী প্ৰসাদত বিহ মিহলি হৈ এই খাদ্য ভক্ত সকলে সেৱন কৰাৰ পাছত পেটৰ বিষ আৰু বমি হোৱা বুলি কয়৷
বিহ মিহলি হোৱা বুলি সন্দেহ কৰি প্ৰসাদখিনিক পৰীক্ষা কৰিবলৈ জিলা স্বাস্থ্য অধিকাৰীয়ে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে৷ এই ক্ষেত্ৰত মন্দিৰত উপস্থিত থকা লোকসকলে প্ৰসাদ খোৱাৰ সময়ত কেৰাচিন গোন্ধ পোৱা বুলি কৰ্তৃপক্ষক জনোৱাৰ পাছতো তেওঁলোকে গুৰুত্ব নিদিয়ে৷ বিলাহী আৰু চাউলৰ লগতে সুস্বাদুযুক্ত জুলীয়া পানী প্ৰসাদ হিচাপে দিয়া হৈছিল৷ আনকি এই প্ৰসাদ খাই কাউৰীও মৰা দেখা পাইছিল স্থানীয় লোকে৷
উল্লেখযোগ্য যে, পুতৰাৰংগা শেট্টীয়ে এই ঘটনাৰ সন্দৰ্ভত মন্দিৰত দুটা সম্প্ৰদায়ৰ মাজত কিছু বিতৰ্ক হোৱা বুলি কয়৷ বিবাদ সৃষ্টি হোৱাৰ ফলত খাদ্যত বিহ মিহলি কৰি এনে কাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰে৷ ইতিমধ্যে, মন্দিৰৰ কৰ্তৃপক্ষৰ লগত জড়িত থকা দুজন অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ আৰু ৫ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিবলৈ তদন্তৰ অব্যাহত আছে বুলি জানিব পৰা গৈছে৷