![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/bishua.jpeg?itok=OvL7AMux)
বালিপাৰাঃ বালিপৰা আঞ্চলিক কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জিলা সমিতিৰ সহযোগত চাৰিদুৱাৰ নলঘাগৰী গাঁওত চতুৰ্থ বাৰ্ষিক বিষুৱা আৰু মুকলি মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয়। এই উপলক্ষে পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণ আৰু ৮ বজাত বৃক্ষ ৰোপন কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। পুৱা ৯ বজাত জিলা সমিতিৰ সম্পাদক অসীম দাসে পতাকা উত্তোলন কৰাৰ উপৰিও সহ সম্পাদক বসন্ত দাসে ছহিদ তৰ্পন কৰে।
দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত মূল সভা উদ্ধোধন কৰে চিলাৰায় সেনাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক বিক্ৰম দাসে। তেঁও উদ্ধোধনী ভাষণত কোঁচ-ৰাজংবংশীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত বহল বাখ্যা আগবঢ়োৱাৰ লগতে এই ক্ষেত্ৰত চৰকাৰক বিহিত ব্যৱস্থা লোৱাৰ বাবে দাবী জনায়। শিক্ষক ৰঞ্জন দাসৰ পৌৰাহিত্যত অনুষ্ঠিত সভাত মূখ্য অতিথিৰ আসন অলংকৃত কৰি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গকুল বৰ্মনে কয় যে কোঁচ ৰাজবংশীসকলৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীৰ নামত চৰকাৰৰ চৰম অনিহা ত্ৰিপাক্ষিক বৈঠকৰ নামত ভেকোভাওঁনা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।
জনজাতিকৰণ কমতাপুৰ ৰাজ্য ঘোষণাৰ প্ৰতি অৱহেলাৰ বাবে সম্পূৰ্ণৰূপে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ দায়ী বুলি দোহৰাৰ লগতে অদূৰ ভৱিষ্যতে চৰকাৰে স্থিতি এনে হৈ থাকিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়াৰ উপৰিও যিকোনো ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে আৰু ইয়াৰ বাবে সম্পুৰ্ণ দায়ী চৰকাৰ হ’ব বুলিও হুংকাৰ দিয়ে। সভাত কোঁচ-ৰাজবংশী মহিলা সন্মিলনীৰ সভানেত্ৰী পূৰবী সৰকাৰ, সদৌ ওদালগুৰি জিলা কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ভবেন ৰাজবংশী নিৰ্দিষ্ট বক্তা পৰমা শইকীয়াও জাতিটোৰ উন্নয়ন সম্পৰ্কে ভাষণ আগবঢ়ায়। সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে নিশাৰ ভাগত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানেৰে সফল সামৰণি কৰা হয়।