
ত্ৰিপুৰাঃ সাংবাদিক হত্যাৰ প্ৰতিবাদত বিজেপিয়ে আহ্বান জনোৱা ত্ৰিপুৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৰাজ্য খনত৷ সাংবাদিকক সুৰক্ষা প্ৰদানৰ লগতে সাংবাদিক হত্যা তদন্তৰ দায়িত্ব চিবিআইক প্ৰদান কৰাৰ দাবীত কেন্দ্ৰৰ শাসনৰ গাডীত বহি থকা বিজেপি দলে৷ পুৱা ৬টাৰ পৰা সন্ধিয়া ৬টা বজালৈ ১২ ঘন্টীয়া ত্ৰিপুৰা বন্ধৰ আহ্বা জনায়৷ পুৱাৰে পৰা বিজেপিৰ নেতা-কৰ্মী হাতে হাতে বিজেপিৰ পতাকা লৈ ৰাজ পথলৈ ওলাই আহে৷ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ সন্মুখত বিজেপি নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷
ৰাজ পথত বহি গাড়ী-মটৰৰ চলাচল বন্ধ কৰে বিজেপিয়ে৷ উপায়ুক্তৰ কাৰ্যালয়, মহকুমাধিপতিৰ কাৰ্যালয়, আদালত সকলোতে বিজেপি নেতা-কৰ্মীয়ে একত্ৰিত হৈ শ্ল’গান দিয়া পৰিলক্ষিত হয় ৰাজ্যচৰকাৰৰ বিৰুদ্ধে৷ শীঘ্ৰে মুখ্যমন্ত্ৰী মানিক সৰকাৰক পদত্যাগ কৰাৰ দাবী জনায় বিজেপিয়ে৷ বৃহস্পতিবাৰে পুৱাৰে ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ লগতে বিভিন্ন ঠাইত ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান, সৰু-বৰ গাড়ীৰ চলাচল সম্পূৰ্ণ বন্ধ থকা দেখা যায়৷
ৰাজ পথত কেৱল বিজেপি কৰ্মীয়ে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে৷ বিজেপিৰ বন্ধত পুৱাৰে পৰা ত্ৰিপুৰাৰ ৰাইজ পনবন্দী হৈ পৰে একপ্ৰকাৰ৷ জনজীৱন স্তদ্ধ হৈ পৰে ত্ৰিপুৰাবাসীৰ৷ বিজেপিৰ ৰাজ্যিক সভাপতি সুনীল দেওধৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ধ্বংস কৰিব বিছৰা বুলি কৈ গণতন্ত্ৰ ৰক্ষাৰ বাবে এই প্ৰতিবাদ বুলি কয়৷ মানিক চৰকাৰৰ পদত্যাগ কৰাৰ দাবী জনায় চিআইডি-এছআইটিৰ পৰিবৰ্তে চিবিআইক তদন্তৰ দায়িত্ব দিয়াৰ দাবী জনায় বিজেপি নেতাগৰাকীয়ে।
ত্ৰিপুৰা বুধবাৰে ষ্টেট ৰাইফলছৰ জোৱানৰ গুলীত নিহত হোৱা সাংবাদিক সুদীপ দত্ত ভৌমিকৰ মৃতদেহ লৈ বুধবাৰে এক সমদল উলিয়াই ৰাজ পথ উত্তাল কৰাৰ লগতে আগৰতলা চহৰস্থিত মুখ্যমন্ত্ৰীৰ মানিক চৰকাৰৰ বাস ভৱন ঘেৰাও কৰে কেইবা সহস্ৰাধিক লোকে৷ সাংবাদিক হত্যাৰ ন্যায় বিছাৰি তথা চৰকাৰে সাংবাদিকক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ত্ৰিপুৰাৰ কেইবাটাও ছাত্ৰ সংগঠনৰ লগতে সাংবাদিক সংগঠনে সমদলত অংশ গ্ৰহণ কৰে৷
নিহত সাংবাদিক সুদীপ্ত দত্ত ভৌমিকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি চিকিৎসালয়ৰ পৰা উলিয়াই অনাৰ পিছতে উত্তপ্ত হৈ পৰে ত্ৰিপুৰা৷ ৰাজ্য খনৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত চিন্তা ব্যক্ত কৰে কেন্দ্ৰীয় চৰকাৰে৷ ৰাজ্য খনৰ ৰাজ্যপাল তথাগত ৰায়ৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজ নাথ সিঙে ৰাজ্য খনৰ শেহতীয়া আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত ফোনযোগে কথা পাতে বুলি জানিব পৰা গৈছে৷ আনহাতে ৰাজ্যপাল তথাগত ৰায় গৃহমন্ত্ৰীৰ ফোনৰ পিছতে দিল্লী অভিমুখে ৰাওনা হয় বুলি জানিব পৰা গৈছে৷ আনহাতে ৰাজ পথলৈ ওলাই অহা সাংবাদিক সকলে ৰাজ পথত প্ৰেছ লিখা এটি চোলা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
ত্ৰিপুৰা ওৱাৰ্কিং জাৰ্নেলিষ্ট এছোচিয়েছনে এখন স্মাৰক পত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক প্ৰদান কৰি সাংবাদিকক সুৰক্ষা দিয়াৰ লগতে সুদীপ্ত দত্ত ভৌমিকৰ পৰিয়ালক সহায় কৰাৰ দাবী জনায়৷ চিআইডি এছআইটি পৰিবৰ্তে চিবিআইক তদন্তৰ দায়িত্ব দিয়াৰ দাবী জনায় সাংবাদিক সংগঠনটোৱে। দুটা মাহৰ ভিতৰৰ ভিতৰত দুজন সাংবাদিকক গুলায়াই হত্যা কৰাৰ ঘটনাক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে ত্ৰিপুৰাৰ ৰাজধানী৷ ত্ৰিপুৰা ষ্টেট ৰাইফৰলছৰ কামাণ্ডেন্ট ৰতন দেৱবাৰ্মাক বুধবাৰে ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ ২নং বেটেলিয়ানে নিজ কেম্পৰ পৰা আটক কৰে ত্ৰিপুৰা আৰক্ষীয়ে।
ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ ২নং বেটেলিয়ানে নিজ কেম্পলৈ মঙলবাৰে মাতি নি সাংবাদিক সুদীপ্ত দত্ত ভৌমিকক নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰা ঘটনাই উত্তাল কৰি ৰাখিছে ত্ৰিপুৰাক৷ ছেন্দন পত্ৰিকা, আৰু Vanguard নিউজ চেনেলৰ সাংবাদিক সুদীপ্তই ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ ২নং বেটেলিয়ানত সংঘটিত বিয়াগোম কেলেংকাৰী ফাদিল কৰি বহু কেইটা প্ৰতিবেদন প্ৰকাশ কৰিছিল। যাৰ ফলত সুদীপ্ত বেটেলিয়ানৰ বিষয়াৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল৷ মঙলবাৰে ত্ৰিপুৰা ষ্টেট ৰাইফৰলছৰ কামাণ্ডেন্ট ৰতন দেৱবাৰ্মাই সাংবাদিক সুদীপ্তক ধমকি দিয়াৰ লগতে কেম্পলৈ মাতি পঠিয়াই৷ সাংবাদিকগৰাকীয়ে কেম্পত প্ৰবেশ কৰাৰ লগে লগে বেয়াকৈ প্ৰহাৰ কৰে৷ তাৰ পিছতে সাংবাদিকগৰাকীয়ে কেম্পৰ ভিতৰৰ পৰা আহিব খোজেতেই নিচেই ওচৰৰ পৰা নন্দগোপাল ৰিয়াং নামৰ ত্ৰিপুৰা ষ্টিট ৰাইফলছৰ জোৱান জনে সাংবাদিকগৰাকীক লক্ষ্য কৰি গুলীচালনা কৰে৷
কেম্পতে মৃত্যু হয় সুদীপ্তৰ। প্ৰথমে সাংবাদিকগৰাকীক বেয়াকৈ প্ৰহাৰ কৰাৰ ফলত ৰক্তক্ষৰণ হোৱাৰ অভিযোগ উত্থাপিত হয়৷ ৰক্তক্ষৰণ তথা গুলীয়াই হত্যা কৰি কেইবাঘন্টা পিছতহে আৰক্ষীক খবৰ দিয়ে ত্ৰিপুৰা ষ্টেট ৰাইফৰলছে৷ আৰক্ষীয়ে এই হত্যাকাণ্ড ২ বজাৰ পিছত সংঘটিত হোৱা বুলি সদৰী কৰিলেও ত্ৰিপুৰাৰ সাংবাদিকে এই ঘটনা ১২ বজাতে সংঘটিত হোৱা বুলি দাবী কৰে৷ সাংবাদিকগৰাকীক হত্যা কৰি তথ্য লুকুৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হয়৷ ইতিমধ্যে এই ঘটনাৰ চিআইডিৰ তদন্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্য খনত উত্তেজনাই বিৰাজ কৰে৷ একাংশ সাংবাদিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি হত্যাকাণ্ডৰ চিবিআইৰ তদন্তৰ দাবী কৰে৷
ছেন্দন পত্ৰিকাৰ সম্পাদক চুবল দে’য়ে সাংবাদিকজন নিকৃষ্ট ষড়যন্ত্ৰৰ বলি হোৱা বুলি কৈ ক্ষোভিত হৈ গৰিহণা দিয়ে। সাংবাদিকগৰাকীক হত্যা কৰাৰ লগতে তেওৰ দায়েৰী কলম আদি জ্বলাই দিয়া ৰো অভিযোগ উত্থাপন কৰে সম্পাদকগৰাকীয়ে৷ চুবুৰীয়া ৰাজ্যত সংঘটিত হোৱা এই ঘটনাক তীব্ৰ গিৰহণা দিয়ে অসমৰ সাংবাদিক সংগঠন সমূহে৷ সাংবাদিক কৰ্ম পৰিষদ-অসম, জাৰ্ণেলিষ্ট ফৰাম অসম, সাংবাদিক সুৰক্ষা মঞ্চ আদিয়ে তীব্ৰ গৰিহণা দি দোষীক শাস্তি প্ৰদানৰ দাবী জনায়৷
তাৰ মাজতে অসমতো প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিকে। গুৱাহাটী মহানগৰীৰ সমীপৰ যোৰাবাটত বুধবাৰে পুৱাই ৰাজ পথলৈ ওলাই আহে সাংবাদিক৷ ইণ্ডিয়ান ৰিপ’ৰ্টাৰ্ছ এছ’চিয়েছনৰ, স্থানীয় আছু, জাৰ্নেলিষ্ট ইউনিয়ন আদি সংগঠনে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক চৰকাৰৰ প্ৰতিকৃতি দাহ কৰে৷ ইয়াৰ পূৰ্বে যোৱা ২০ ছেপ্তেম্বৰত সাংবাদিক শান্তনু ভৌমিকক হত্যা কৰিছিল।
ইন্ডিজেনিয়াছ পিপ’লছ ফ্ৰণ্ট অব ত্ৰিপুৰা (IPFT)-এ অব্যাহত ৰখা পথ অৱৰোধ কাৰ্যসূচীৰ বাতৰি সংগ্ৰহত ব্যস্ত থকাৰ সময়তে 'দিনৰাত’ নামৰ চেনেলটোত কৰ্মৰত সাংবাদিক শান্তনু ভৌমিক মণ্ডাই নামৰ ঠাইত বাতৰি সংগ্ৰহ কৰি থাকোতেই তেওঁক কোনোৱে পিছফালৰ পৰা আক্ৰমণ কৰি অপহৰণ কৰে। পিছত সাংবাদিকগৰাকীক কিছু দূৰৈত গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে একাংশ লোকে। লগে লগে তেওঁক আগৰতলা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰিছিল।