newsnextone.com | ডিজিটেল ডেস্কঃ ৰক্ষকেই ভক্ষকৰ ৰূপ ধাৰণ কৰিছে ভাৰতবৰ্ষত৷ ক্ষমতাৰ ৰাগীত মোহাচন্ন এচাপ বিজেপি নেতা-বিধায়কৰ কাণ্ডই এতিয়া সমগ্ৰ দেশত বিজেপিৰ শিৰ নত কৰা পৰিলক্ষিত হৈছে৷ কেতিয়াবা যদি বিতৰ্কিত মন্তব্য কৰি, কেতিয়াবা আকৌ নাৰী নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হৈ পৰিছে বিজেপিৰ নেতা-মন্ত্ৰী, বিধায়ক৷

শেহতীয়াকৈ ধৰ্ষণৰ অভিযোগত বাৰানসীৰ এজন স্থানীয় বিজেপি নেতাক আটক কৰে আৰক্ষীয়ে৷ এগৰাকী মহিলাই বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে বিজেপিৰ ভাদোহি জিলা ইউনিয়নৰ প্ৰাক্তন সভাপতি কানহাইয়ালাল মিশ্ৰাই মহিলাগৰাকীক এটি লজলা মাতি পঠিয়ায়৷ তাতেই বিজেপি নেতাগৰাকীয়ে মহিলাগৰাকীক ধৰ্ষণ কৰে৷

নিৰ্যাতিতা মহিলাগৰাকীক মন্তব্য অনুসৰি চাকৰি সদিয়াৰ প্ৰলোভনেৰে লজলৈ মাতি পঠিয়াইছিল বিজেপি নেতাগৰাকীয়ে৷ চাকৰি সূত্ৰে এগৰাকী মহিলা বিষয়াৰ সতে লজত কথা পতাই দিব বুলি লম্পট নেতাগৰাকীয়ে নিৰ্যাতিতা মহিলাগৰাকীক প্ৰলোভন দিছিল৷ কিন্তু নিৰ্যাতিতাই লজত উপস্থিত হোৱাৰ পিছত বিজেপিৰ লম্পট নেতাগৰাকীয়ে মহিলাগৰাকীক আবদ্ধ কৰি ধৰ্ষণ কৰে৷

ইফালে ঘটনাৰ তদন্তকাৰী আৰক্ষী বিষয়া এগৰাকীয়ে কয় নিগৃহীতা মহিলাগৰাকীয়ে বিজেপিৰ নেতাগৰাকীৰ কাণ্ড প্ৰতিৰোধ কৰাৰ চেষ্টা চলাইছিল৷ আনকি মহিলাগৰাকীয়ে সুযোগ বুজি আৰক্ষীৰ তৎকালীন সহায়ক নম্বৰলৈও ফোন কৰিছিল৷ আৰক্ষীয়ে সেই ফোনকলৰ ভিত্তিত অনুসন্ধান চলাই লজৰ পৰা অভিযুক্ত বিজোপি নেতা কানহাইয়ালাল মিশ্ৰাক আটক কৰিবলৈ সক্ষম হয়৷ আনহাতে আৰৰক্ষীয়ে নেতাগৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ গোচক ৰুজু কৰি মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে৷

 উল্লেখ যে, এমাহ পূৰ্বে উন্নাওত ধৰ্ষণৰ অভিযোগত আন এগৰাকী বিজেপি বিধায়ক কুলদীপ চেনগাৰক আৰক্ষীয়ে আটক কৰে৷ অভিযুক্ত লম্পট বিধায়কজনৰ বিৰুদ্ধে গোচৰ চলি থকা সময়তে বাৰানসীত আন এগৰাকী দলীয় নেতাৰ এনে কাণ্ডই বিজেপিৰ ভিতৰচৰাত বাৰুকৈয়ে প্ৰভাৱ পেলাব পেলাব বুলি আশংকা কৰা হৈছে৷