উৰিয়ামঘাটঃ ৰেল গেট স্থাপন কৰাৰ দাবী উত্থাপন কৰি অহাৰ সময়তে ৰেলৰ খুন্দাত এখন বলেৰ’ পিক আপ ভান ধ্বংস হোৱাৰ লগতে এগৰাকী লোকৰ কথমপি প্ৰাণৰক্ষা পৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধনশিৰি মহকুমাৰ চুঙাজানত৷ বুধবাৰে নিশা উজনিমূৱা মৰিয়নি যাত্ৰীবাহি ৰেলৰ খুন্দাত এখন তামোল ভৰ্তি বলেৰ' পিক অাপ বিধস্ত হয়।

চুঙাজানস্থিত ৰেল ক্ৰচিঙত গেট নথকাৰ বাবে এনে ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে যদিও ৰেল বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ বলেৰ'খনৰ চালকজনে ৰেলগাড়ীখন অহাৰ কথা অৱগতসল নোহোৱাত দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পৰা তথমপি প্ৰাণ ৰক্ষা পৰে চালকজনৰ৷ স্থানীয় ৰাইজে শীঘ্ৰে ৰেল গেট স্থাপনৰ বাবে দাবী জনাই ৰেল বিভাগক৷