♦শ্ৰম বিষয়াক প্ৰদান বিভিন্ন দাবী সম্বলিত স্মাৰক-পত্ৰ  

বৰনৰ্দ্দীঃ চিআৰইউৰ নলবাৰী জিলা সমিতিয়ে সোমবাৰে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে চিআৰইউৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে ছেলছ্‌ প্ৰমোচন কৰ্মীৰ বাবে চৰকাৰে ২০১৫ চনতে নিৰ্ধাৰণ কৰি দিয়া নুন্যতম মজুৰি কিছুমান কোম্পানীয়ে আজিও আদায় নিদিয়াৰ প্ৰতিবাদত পুৱা ১০ বজাত নলবাৰী চহৰৰ নাট্য মন্দিৰৰপৰা নলবাৰী শ্ৰম বিষয়াৰ কাৰ্যালয়লৈ এটা সমদল উলিওৱা হয়।

উক্ত সমদলত শতাধিক ছেলছ প্ৰমোচন কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। Medical আৰু Sales Representativesসকলৰ বাবে ৮ ঘন্টা কামৰ আইনী মৰ্যাদা প্ৰদান কৰা, মাহিলী নুন্যতম মজুৰি ১৮,০০০ টকা প্ৰদান, আইন ভংগকাৰী কোম্পানীসমূহৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী সম্বলিত এখন স্মাৰক-পত্ৰ নলবাৰী জিলাৰ শ্ৰম বিষয়াক প্ৰদান কৰে চিআৰইউ নলবাৰী জিলাৰ সম্পাদক ৰাতুল বৰ্মনে।

ইপিনে, শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অসীম কুমাৰ দাসৰ সভাপতিত্বত এখন পথ সভাও অনুষ্ঠিত হয়। আনহাতে, চিআৰইউৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি নলবাৰীৰ  “জ্ঞানম কীডছ”ত চিআৰইউৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু Indian Academy of Pediatrics নলবাৰীৰ সহযোগত এটা বিনামূলীয়া শিশু চিকিৎসা শিবিৰো অনুষ্ঠিত কৰা হয়।

উক্ত শিবিৰত নলবাৰী বিশিষ্ট শিশু ৰোগ চিকিৎসক প্ৰণৱ কুমাৰ শৰ্মা, ইমৰাণ হুছেইন, দিলিপ কুমাৰ নাথ, বিনয় কুমাৰ শৰ্মা,  গকুল পাটোৱাৰী আৰু Indian Academy of Pediatrics নলবাৰী শাখাৰ সম্পাদক ৰূপজ্যোতি পাটোৱাৰীয়ে চিকিৎসা সেৱা আগবঢ়ায়। উক্ত শিবিৰত বিনামূলীয়াকৈ ঔষধ যোগান ধৰে চিআৰইউৰ নলবাৰী জিলাৰ সমূহ সদস্যই।

ইফালে, “জ্ঞানম কীডছ”ৰ অধ্যক্ষ অজয় চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত এখন স্বাস্থ্য সজাগতামূলক সভাও অনুষ্ঠিত হয়। সভাখনত বক্তব্য ৰাখে ডা° প্ৰণৱ কুমাৰ শৰ্মা, ডা° ৰূপজ্যোতি পাটোৱাৰীয়ে৷