চি.১.২ য়ে ভয়ংকৰ ৰূপ ধৰিব নেকি?

ডিজিটেল ডেস্ক, ২ চেপ্টেম্বৰঃ কৰোণাৰ নতুন প্ৰকৰণ আৰু তৃতীয় ঢৌক লৈ সমগ্ৰ দেশেই শংকাত থকাৰ মাজতেই আহি আছে কৰোণাক লৈ নতুন বাতৰি৷ দক্ষিণ আফ্ৰিকা আৰু আন বহুতো দেশত ক'ৰনা ভাইৰাছৰ এটা নতুন ৰূপৰ সন্ধান পাইছে। ক'ৰনা ভাইৰাছৰ এই প্ৰকৰণবোৰৰ ভিতৰত কিছু প্ৰকৰণ অধিক সংক্ৰামক হ'ব পাৰে আৰু ক'ৰনা ভেকছিনৰ প্ৰভাৱ হ্ৰাস হৈ পৰিব পাৰে বুলিও শংকিত হৈছে বিশেষজ্ঞ সকল। দক্ষিণ আফ্ৰিকাত থকা ৰাষ্ট্ৰীয় সংক্ৰামক ৰোগ প্ৰতিষ্ঠান আৰু কোৱাজুলু নাটাল গৱেষণা উদ্ভাৱন আৰু অনুক্ৰম মঞ্চৰ অভিজ্ঞ বিজ্ঞানীসকলে জানিবলৈ দিয়া অনুসৰি "ক'ৰনা ভাইৰাছৰ নতুন প্ৰকৰণ চি.১.২ চলিত বৰ্ষৰ মে মাহত প্ৰথমবাৰৰ বাবে চিনাক্ত কৰা হৈছিল দক্ষিণ আফ্ৰিকাত। বিজ্ঞানীসকলে লগতে কয় যে, "মে মাহৰ পৰা ১৩ আগষ্টলৈকে চীন, কঙ্গো, মৰিচাছ, ইংলেণ্ড, নিউজিলেণ্ড, পৰ্তুগাল আৰু চুইজাৰলেণ্ডত এই প্ৰকৰণটো ধৰা পৰিছে।"

আনহাতে দক্ষিণ আফ্ৰিকাত ক'ভিড-১৯ ৰ প্ৰথম ঢৌৰ সময়ত দেখা দিয়া ভাইৰাছৰ এটা উপপ্ৰকৰণ চি.১-তকৈ চি.১.২ৰ অধিক সংক্ৰমণ দেখা হোৱা নাছিল।যিটো আগ্ৰহৰ বিষয় হিচাপে বৈজ্ঞানিকমহলে বিবেচনা কৰা হৈছিল। বিজ্ঞানীসকলে লগতে কৈছিল যে চি.১.২ অধিক সংক্ৰামক হ'ব পাৰে আৰু ই ক'ৰনা ভেকছিনৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে। এই বিষয়ৰ এটি অধ্যয়নত দেখা গৈছে যে দক্ষিণ আফ্ৰিকাত চি ১.২ৰ জিণ প্ৰতি মাহে বাঢ়ি গৈ আছে। ই মে' মাহত ০.২ শতাংশৰ পৰা জুনত ১.৬ শতাংশলৈ বৃদ্ধি পাইছিল আৰু জুলাইত ই ২ শতাংশলৈ বৃদ্ধি পাইছিল।

উল্লেখ্য উক্ত প্ৰকৰণবিধৰ সংক্রান্তত কলকাতাৰ চি এছ আই আৰৰ এজন বিজ্ঞানীয়ে জানিবলৈ দিয়ে যে, "কোভিডৰ এই প্ৰকৰণবিধৰ সংক্ৰমণ অধিক হ'ব পাৰে আৰু দ্ৰুতগতিত বিয়পি পৰাৰ সম্ভাৱনা আছে। ইয়াৰ বৰ্ধিত প্ৰ'টিনত বহুতো পৰিৱৰ্তন থাকে, যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নিয়ন্ত্ৰণ কৰাত বাধা দিব আৰু ছিটাকৰণৰ প্ৰভাৱ হ্ৰাস হৈ পৰাৰ আশংকা অধিক হোৱাৰ ফলত ই বিশ্বব্যাপী প্ৰত্যাহ্বানৰ সৃষ্টি হৈ পৰিব।"

পৰৱৰ্তী সময়ত এই প্ৰকৰণবিধে বিশ্বব্যাপী কেনে প্ৰভাৱ পৰে সেয়া লক্ষণীয় হব৷